3 জুন ,চাইকেল দিৱস উপলক্ষে: চাইকেলৰ জন্ম কাহিনী – উমেশ চন্দ্ৰ ভাগৱতী

3জুন চাইকেল দিৱস উপলক্ষে-
চাইকেলৰ জন্ম কাহিনী ।

আজি ৩ জুন ২০২১ চন চাইকেল দিৱস । দুবছৰ মান আগতে বাতৰি কাকতত এখন ছবি দেখি আচৰিত হৈছিলো- নেদাৰলেণ্ডৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে চাইকেল চলাই তেখেতৰ কাৰ্য্যালয়লৈ আহিছে। আমি ভাৰতীয় সকলৰ বাবে এইটো নিশ্চয় এক আশ্চৰ্য কৰ ঘটনা । কিন্তু ভাবিলে আচৰিত লাগে যে বিশ্বৰ অনেক উন্নত দেশতো চাইকেল আজিও যাতায়তৰ এক সৰ্বজন সমাদৃত ব্যবস্থা । উদাহৰণস্বৰূপে চাইকেল ব্যবহাৰকাৰী দেশ কেইখন মানৰ পৰিসংখ্যা এনে ধৰনৰ –
১) নেদাৰলেণ্ড- 99.1 %
২)ডেনমাৰ্ক- 80.1 %
৩)জাৰ্মানী- 75.8 %
৪)চুইডেন- 63.7 %
৫) নৰৱে- 60.7 %
৬) ফিনলেণ্ড- 60.4 %
৭) জাপান- 56.9%
৮) চুইজাৰলেণ্ড- 48.8%
৯) বেলজিয়াম -48 %
১০) চীন- 37.2%

১৬৬০ চনত ফৰাচী দেশৰ দা ছিভৰাক নামৰ এজন ব্যক্তিয়ে কাঠৰ দুটা চকা থকা এনে এবিধ যান তৈয়াৰ কৰিছিল বুলি জনা যায় ।১৭৭৯ চনত জাৰ্মানীৰ এজন লোকে অলপ উন্নত মানৰ এনে এখন যান তৈয়াৰ কৰে, যাৰ নাম ৰখা হয়- ‘ ভেলোচাইপিড ( velocipade)

১৮১৭-১৮ চন মানত ইংলণ্ডৰ ডেনিচ নামৰ লোক এজনে ভেলোচাইপিডৰ আৰ্হিৰে লোহাৰ চকাৰে চাইকেল এখন সাজি উলিয়ায় সিখনৰ সন্মুখৰ চকাটোত এডাল কাঠ এনেধৰণে লগোৱা হল যে আগৰ চকাটো চালকৰ ইচ্ছানুসৰি সোঁ বা বাওঁ পিনে ঘূৰাব পৰা যায় । হয়তো ইয়াতেই বৰ্তমানৰ ষ্টিয়াৰিংৰ সূত্ৰপাত হয়। এই যান খনৰ নাম ৰখা হৈছিল- হবিহৰ্ছ ( Hobby Horse) অৰ্থাৎ চখৰ ঘোৰা। ইংলণ্ডত ইয়াৰ নামকৰণ কৰা হ’ল- ‘ বাইচাইপিড’ আৰু ডেণ্ডি হৰ্ছ’। এতিয়ালৈকে বাইচাইকেল চলাবলৈ চালকে মাটিত হেঁচুকি হেচুঁকি হে আগবাঢ়ি যাবলগীয়া হৈছিল । ১৮৩৯ চনত স্কটলেণ্ডৰ মেকমিলান নামৰ কমাৰ এজনে পেনেল আৰু পিচৰ চকাত ক্ৰেংক(Cranle) লগাই ইয়াক এক উন্নত পৰ্য্যায়লৈ নিয়ে- ফলত ভৰিৰে বাৰে বাৰে মাটিত হেঁচুকি যোৱাৰ প্ৰয়োজন নহোৱা হৈ পৰিল। হয়তো এয়াই চাইকেলৰ পূৰ্বাবস্থা ।১৮৬৯ চনত ইংলণ্ডৰ এটি চিলাই মেচিন তৈয়াৰ কৰা কোম্পানীয়ে আগৰ চকাটো ডাঙৰ আৰু পিছৰ চকাটো সৰুকৈ দি আন এবিধ চাইকেল সাজি উলিয়ায় যাৰ গতিবেগ বহু খিনি বাঢ়ি গল, কিন্তু লগে লগে বাঢ়ি গল বিপদৰ সম্ভাৱনাও। ইয়াৰ নাম ৰখা হল ‘ পেনি ফাৰ্ডিং’। ইয়াৰ পিচতেই পিয়েৰ লা লিমে নামৰ এজন ব্যৱসায়ীয়ে আগৰ চকাটো ডাঙৰ, লগতে পেদেল আৰু এক্সল (Axle)লগাই এখন যান সাজি উলিয়ায় । গতিবেগ বাঢ়িল, কিন্তু ইয়াত উঠিলে গাত এটি জোকাৰণি উঠে।গতিকে ইয়াৰ নাম ৰখা হল- ‘ ব’ন স্বেকাৰ “( Bone shaker) অৰ্থাৎ হাড় কপোৱা গাড়ী ।

১৮৭০ চনত ওলাল ৰবৰৰ টায়াৰ; গতিকে ১৮৮৭ চনত কাউপাৰ নামৰ ব্যৱসায়ী এজনে এডাল শিকলি লগাই দুয়োটা চকা ঘুৰাব পৰাকৈ গিয়েৰ (gear) ব্যৱহাৰ কৰি এখন যান উলিয়ালে, যাৰ নাম ৰখা হল- ‘ বাইচাইক্লেট ‘ ।১৮৮৫ চনত ইংলণ্ডৰ ৰোভাৰ (Rover) কোম্পানীয়ে সমান আকাৰৰ দুটি চকাৰে এখন যান তৈয়াৰ কৰি ইয়াৰ নাম ৰাখিলে ‘ৰোভাৰ ‘ । ইয়াৰ ঠিক তিনি বছৰৰ পিছত ১৮৮৮ চনত জন বয়েড ডানলপে তৈয়াৰ কৰে বায়ু ভৰাব পৰা ফোঁপোলা টায়াৰ (Pneumatic Tyre) ডানলপৰ এই আবিস্কাৰে সমগ্ৰ যান বাহন ব্যবস্থাটোকেই এক নতুন যুগৰ সূচনা কৰিলে । আমাৰ চাইকেলৰো ভাগ্য সালনি হল ১৮৮৮ চনত- ফোঁপোলা টায়াৰ, চেইন, ফ্ৰিহুইল, গিয়েৰ আদিৰে ই সুশোভিত হৈ পৰিল। তথাপি সমস্যাৰ অন্ত নপৰিল । চাইকেল চালকে নিজ ইচ্ছামতে ৰখাবলৈ বৰ কঠিন । অৱশেষত ১৮৯০ চনত ইয়াত ব্ৰেক আৰু ষ্টেণ্ড লগ লাগি পৃথিৱী বাসীক উপহাৰ দিলে এখন নিৰাপদ চাইকেল- আৰু আৰম্ভ হল চাইকেলৰ জয়যাত্ৰা।

চাইকেলৰ এই জয়যাত্ৰা গৈ গৈ আজি এনে এটি অবস্থাৰ উপনীত হৈছে যে ইয়াক আমি ভাৰতীয় সকলে কল্পনা কৰাও কঠিন । আমেৰিকাত নিৰ্মিত ‘ ভেক্টৰ টেনডেম’ ( Vector Tendem) নামৰ চাইকেলখন দুজন লোকে পিঠিয়া পিঠিকৈ বহি উভয়ে পেডেল মাৰি চলাই ঘন্টাত ১০৭ কিঃমিঃ দুৰত্ব যাব পৰা যায় । ইয়াত কোনো পেট্ৰ’ল বা ডিজেল ৰ প্ৰয়োজন নাই ।

পৃথিৱীৰ সৰ্ববৃহৎ চাইকেল খনৰ নাম হৈছে- ‘ ফ্ৰাংকেন চাইকেল ‘ । ইয়াৰ উচ্চতা ৩.৩৫ মিটাৰ আৰু চকাৰ ব্যাস হৈছে ৩.০৫ মিটাৰ । আকৌ ক্ষুদ্ৰাতিক্ষুদ্ৰ চাইকেল খন সাজি উলিয়ায় অষ্ট্ৰেলিয়াৰ নেভিল পেটেন নামৰ লোকজনে ১৯৮৮ চনত, যাৰ চকাৰ ব্যাসাৰ্দ্ধ হৈছে ১.৯ ছেঃমি অৰ্থাৎ ০.৭৬ ইঞ্চি ।

বৰ্তমান বাহন বুলি ক’লে কলৰ ভূৰৰ পৰা ৰকেটলৈকে অনেক নাম সাঙোৰ খাই পৰে, তথাপি চাইকেলৰ আছে এক স্বকীয় মাদকতা। ইয়াৰ বজাৰ মূল্য মোটামুটি ভাবে সৰ্বসাধাৰণৰ ক্ৰয়যোগ্য । চাইকেলত কোনো ধৰণৰ ইন্ধনৰ প্ৰয়োজন নাই । চাইকেলৰ দ্বাৰা অলপো বায়ু প্ৰদূষিত নহয় ।সৰ্বোপৰি চাইকেল চলোৱাটো এটা অটিশয় লাভ জনক ব্যায়াম- ই মাংসপেশী সবল কৰে ,হাড়ৰ গাঁঠিত শক্তি বঢ়াই, শৰীৰত তেজ চলাচলত বিশেষ সহায় কৰি শিৰা- উপশিৰা বিলাক শক্তি শালী কৰাৰ লগতে বিশেষকৈ হাওঁফাওঁত শক্তি বৃদ্ধি কৰে ।গতিকে আজিৰ কৰ’না বিধ্বস্ত পৃথিৱীত চাইকেলৰ জয়যাত্ৰা সৰ্বজন সমাদৃত হোৱা উচিত ।

 

উমেশ চন্দ্ৰ ভাগৱতী
প্ৰাক্তন বেংক বিষয়া
যোগাযোগৰ ঠিকনা- ৮৬৩৮৮১৫৯০২
( ফটাশিল দাতাঁলপাৰা গুৱাহাটী-২৫)