ৰামদিয়াৰ অৱসৰী প্ৰধান শিক্ষক -প্ৰাক্তন আঞ্চলিক সদস্য সমাজকৰ্মী তৰুণ ডেকাৰ মৃত্যু :ৰামদিয়াত শোকৰ ছাঁ

ৰামদিয়াৰ অৱসৰী প্ৰধান শিক্ষক -প্ৰাক্তন আঞ্চলিক সদস্য সমাজকৰ্মী তৰুণ ডেকাৰ মৃত্যু :ৰামদিয়াত শোকৰ ছাঁ

অক্ষয় মেধি, বাৰ্ত্তাসেৱা- হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়াৰ অৱসৰী প্ৰধান শিক্ষক, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মী তৰুণ ডেকাৰ যোৱাকালি নিশা উচ্চৰক্ত চাপজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীস্থিত নাৰায়ণা হৃদয়ালয়ত ভেন্টিলেটৰত প্ৰায় ১৭দিন ধৰি চিকিৎসাধীন অৱস্থাত ৭৬ বছৰ বয়সত মৃত্যু হয় ৷মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰামদিয়া অঞ্চলত গভীৰ শোকৰ ছা পৰাৰ লগতে তেখেতৰ মৃতদেহ আহি পোৱাৰ লগে লগে অনেক গুণমুগ্ধ ,অনুষ্ঠান – প্ৰতিষ্ঠানৰ ব্যক্তিয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতৰ ঘৰ ভৰি পৰে৷ডেকা দেৱ এগৰাকী অৱসৰী প্ৰধান শিক্ষক হোৱাৰ উপৰিও শ্বহীদ খগেন ভৰালী গাও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য আছিল আৰু ৰামদিয়া পুথিভৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰ, ৰামদিয়া দেৱ দামোদৰ সংঘৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ উপ সভাপতি ৰামদিয়া সমাজ উন্নয়ণ সভাৰ অন্যতম সদস্য ,শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰামদিয়াৰ পৰিষদীয় সমিতিৰ সদস্য, বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয় ৰামদিয়া, জগদ্ধাত্ৰী পূজা সমিতি, ৰামদিয়া জ্যেষ্ঠ নাগৰিক সন্মিলন , শ্ৰী শ্ৰী হাত ভঙা সত্ৰৰ একনিষ্ঠ সেৱক হোৱাৰ উপৰিও এজন সাংস্কৃতিক মনৰ লোক আছিল ।তেখেত ডক্তৰ ভূপেন হাজৰিকা দেৱৰ গীতৰ অনুৰাগী আছিল, বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত তেখেতে নিজেই হাৰমনিয়াম বজাই বিভিন্ন গীত পৰিবেশন কৰাৰ উপৰিও তেখেত আছিল এজন সুদক্ষ গীতিকাৰ , সুৰকাৰ ।তেখেতে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ বোৱাৰী নাতি জী, জোৱাই সহ বহু আত্মীয় স্বজনক এৰি থৈ যায় ,তেখেতৰ মৃত্যুত আমিও শোকাহত, বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো ।