ভৰলুমুখৰ-গড়চুক সংযোগী পথত চিটিবাছ চলাচলৰ দাবী

pc-dailyhunt

ভৰলুমুখৰ-গড়চুক সংযোগী পথত চিটিবাছ চলাচলৰ দাবী

অনলাইন বাৰ্ত্তাসেৱা- কোভিড পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ মেজিক, মেক্সিমো, টেম্প’, চালকে দুগুণ ভাৰা আদায় কৰাত কম আয়ৰ দুখীয়া লোকসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। যাৰ বাবে ভৰলুমুখৰ পৰা গড়চুক সংযোগী পথত শীঘ্ৰে চিটিবাছ চলাচলৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে। কোনো লোকে কম দূৰত্ব যাতায়াত কৰিলেও ন্যূনতম ২০ টকা আদায় দিব লগা হোৱাত অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। প্ৰতিবাৰ গাড়ীত উঠোতে ন্যূনতম ২০ টকাকৈ ভাৰা আদায় দিব লগা হোৱাত যথেষ্ট অর্থ অপচয় হয়। একাংশ মেজিক, মেক্সিমো, টেম্প’ই ন্যূনতম ২০ টকাকৈ ভাৰা আদায় কৰি অহাৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়েহে শীঘ্ৰে পথটোত চিটিবাছ চলাচলৰ ব্যৱস্থা কৰি অঞ্চলবাসীৰ যাতায়াত সুচল কৰি তোলাৰ বাবে দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। প্রনিধানযোগ্য এই পথটোৰে ফটাশিল আমবাৰী, তুলা ফেক্টৰী, ধীৰেণপাৰা, গণেশপাৰা, দাতালপাৰা, মানপাৰা, কটাহবাৰী, গড়চুক, বৰ্ষাপৰা, ভাস্কৰনগৰ, বিষ্ণুপুৰ, আদিংগিৰি, চেগুনবাৰী, শন্তিপুৰ আদি অঞ্চলৰ জনসাধাৰণে নিতৌ যাতায়াত কৰে।

 

(RT)