২৫-৩০গৰাকী এচিএছ-এপিএছ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ ইংগিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ

pc- tribune india

২৫-৩০গৰাকী এচিএছ-এপিএছ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ ইংগিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ

অনলাইন বাৰ্ত্তাসেৱা- ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ৩৯ এচিএছ-এপিএছ তথা আন সংলগ্ন সেৱাৰ বিষয়াৰ উপৰি অতিৰিক্তভাৱে ২৫-৩০ গৰাকী বিষয়া গ্রেপ্তাৰ হোৱাটো প্রায় নিশ্চিত হৈছে এই কথাৰ ইংগিত দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসম চৰকাৰে গঠন কৰা এজনীয়া ন্যায়িক তদন্ত আয়োগৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই। সংবাদ মাধ্যমত তদন্তৰ অগ্ৰগতি সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শর্মাই কয় যে এতিয়ালৈকে আয়োগে ৩৫গৰাকীৰো অধিক এচিএছ-এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়াক তলব কৰিছে। সকলো দিশ চালি-জাৰি চাই এইসকল সন্দেহজনক বিষয়ালৈ আয়োগত হাজিৰ হʼবৰ বাবে জাননী জাৰি কৰা হৈছিল। আয়োগৰ এই জাননীৰ ভিত্তিত সংশ্লিষ্ট বিষয়াসকলে নিজৰ নিজৰ মন্তব্য ৰাখিছে। জাননী জাৰি কৰা বিষয়াসকলে প্ৰদান কৰা মন্তব্যৰ লগতে আয়োগে আদালতত চলি থকা গোচৰৰ নথি-পত্ৰ চাই তথা আয়োগে নিজেও সংগ্রহ কৰা নথি-পত্ৰ, ফৰেনছিক লেবৰেটৰীৰ নথি-পত্ৰ আদি সকলো নথি-পত্র পুংখানুপুংখ পর্যবেক্ষণ কৰি এখন প্রতিবেদন প্ৰস্তুত কৰা হৈছে। অচিৰেই ৰাজ্য চৰকাৰৰ ওচৰত আয়োগে এই প্রতিবেদন দাখিল কৰিব আৰু এই প্রতিবেদনৰ দ্বাৰা ইতিপূর্বে গ্ৰেপ্তাৰ হোৱা ৩৯গৰাকী বিষয়াৰ উপৰি আন ২৫-৩০গৰাকী বিষয়া গ্ৰেপ্তাৰ হোৱাৰ ইংগিত দিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীয়ে।