পেলেৰ অভিলেখ ভংগ মেছিৰ

pc- planet Football

পেলেৰ অভিলেখ ভংগ মেছিৰ

অনলাইন বাৰ্ত্তাসেৱা- ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেল এখনত আৰ্জেণ্টিনাই বলিভিয়াক ৩-০ গ’লত পৰাস্ত কৰে। এই মেচখনতে লিঅʼনেল মছিয়ে হেট্ৰিক অৰ্জনেৰে কিংবদন্তি ফুটবলাৰ পেলেৰ এক অভিলেখ ভংগ কৰিলে। মেচখনৰ তিনিওটা গʼল স্কʼৰ লিঅʼনেল মেছিয়ে কৰিছিল। ইয়াৰ পূৰ্বে এই অভিলেখৰ গৰাকী আছিল পেলে। দক্ষিণ আমেৰিকা পুৰুষ ফুটবলত ৭৭ টা গʼল স্কʼৰ কৰি দীৰ্ঘ সময় ধৰি এই অভিলেখৰ গৰাকী হৈ আছিল পেলে। বলিভিয়াৰ বিৰুদ্ধে তিনিটা গʼল স্কʼৰ কৰাৰ পাছত দক্ষিণ আমেৰিকা ফুটবলত মেছিৰ গʼলৰ সংখ্যা হʼলগৈ ৭৮ টা।

 

(RT)