ৰাজ্য চৰকাৰৰ পূজাৰ বাবে নতুন এছ অʼ পি

pc- Twitter

ৰাজ্য চৰকাৰৰ পূজাৰ বাবে নতুন এছ অʼ পি

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে শাৰদোৎসৱৰ বতৰত কʼভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখি যাতে জনসাধাৰণে পূজাৰ আনন্দ উপভোগ কৰিব পাৰে তাৰ কাৰণে কেতবোৰ জৰুৰী সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণেৰে এখন নতুন এছ অʼ পি প্ৰকাশ কৰিছে। যোৱাবছৰৰ তুলনাত এইবাৰ যথেষ্ট শিথিলতা আছে যদিও কমেও এপালি কʼভিড প্ৰতিষেধক টিকা লোৱা লোকেহে পূজাথলীত প্ৰৱেশ কৰিব পাৰিব। মাংগলিক অনুষ্ঠানহে এইবাৰ পূজাত চলিব, মেলা আৰু সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সেইদৰে ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাহাল থকা সান্ধ্য আইনৰ সময়ছোৱাত পূজাথলীসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই নতুন এছ অʼ পি খনৰ বিষয়ে প্ৰকাশ কৰি কয় যে দুর্গাপূজা, কালীপূজা আদিৰ অনুমতি জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ লʼব লাগিব আৰু লগতে সম্পূৰ্ণ কʼভিড বিধি পালন কৰিব লাগিব। পূজা কমিটীসমূহে প্ৰশাসনৰ পৰা অনুমতি বিচাৰি আবেদন কৰাৰ সময়ত কমিটীৰ বিষয়ববীয়া-সদস্যসকলে ভেকচিন লোৱাৰ চাৰ্টিফিকেটৰ প্রতিলিপি গাঁঠি দিব লাগিব। দুইপালি ভেকচিন লোৱাসকলক অগ্ৰাধিকাৰ দিয়া হʼব। এপালি ভেকচিন লোৱাসকলৰ ক্ষেত্ৰত দ্বিতীয় পালিৰ বাবে যি নিৰ্ধাৰিত সময় আছে সেয়া অতিক্ৰম কৰিলে সেই চাৰ্টিফিকেট গ্রাহ্য কৰা নহʼব। পূজাথলীত আয়োজকসকলে পর্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু স্বেচ্ছাসেৱসকলেও ভেকচিন লোৱাৰ নথি প্ৰশাসনক জমা দিব লাগিব। পূজাথলীত কোনো লোকৰ শৰীৰত সন্দেহজনক কʼভিডৰ লক্ষণ পৰিলক্ষিত হʼলে আয়োজক সমিতিয়ে এই বিষয়ে জিলা প্রশাসনক দৃষ্টিগোচৰ কৰিব লাগিব ৷ সেইদৰে পূজাৰীসকলেও ভেকচিন লোৱা হʼব লাগিব। দর্শনার্থীসকলৰ ক্ষেত্ৰতো কমেও এপালি ভেকচিন লোৱা হʼব লাগিব। এপালিও ভেকচিন নোলোৱা কোনো লোকেই পূজাথলীত প্ৰৱেশ কৰিব নোৱাৰিব।

 

(RT)