ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰীক্ষাপৰ্ব-স্বচ্ছতা পথৱাড়া উদ্‌যাপন

pc.- facebook

ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ পৰীক্ষাপৰ্ব-স্বচ্ছতা পথৱাড়া উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে পৰীক্ষাপর্ব -৪.০ উদযাপনৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰীৰ বাবে পৰীক্ষাৰ ভয় আৰু ইয়াক অতিক্রম কৰাৰ উপায় সম্পর্কে এথনি ৱেবিনাৰ আজি অনুষ্ঠিত কৰে । আয়োগৰ সদস্য ফনিন্দ্ৰ বুজৰবৰুৱাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটি আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতিয়ে তেওঁৰৰ বিশেষ ভাষণত ছাত্র – ছাত্রীসকলক উদ্দেশ্যে কৰি পৰীক্ষাৰ সময়ত ভীতিগ্ৰষ্ঠ নহৈ সুস্থ মন – মগজুৰে তথা আনন্দ মনেৰে পৰীক্ষাৰ বাবে প্রস্তুতি কৰিবলৈ আহ্বান জনায় । আনহাতে নিউজ লাইভৰ ৰাজনৈতিক সম্পাদক ছায়ামনি ভুঞাই ৱেবিনাৰখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ আন এগৰাকী বক্তা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড° দিব্যজ্যোতি মহন্তই ছাত্র – ছাত্রীসকলক উপদেশ আগৱঢ়ায় । ৱেবিনাৰখনত বিভিন্ন বিদ্যালয়ৰ প্ৰায় ২৬০ জন ছাত্র – ছাত্রী অংশগ্রহণ কৰে । শেষত আয়োগৰ পৰামৰ্শদাতা মৃদুস্মিতা দত্তই উপস্থিত সকলোকে ৱেবিনাৰ খনৰ সফল সমাপ্তিৰ বাবে ধন্যবাদ জনায় । আনহাতে একেদিনাই স্বচ্ছতা পথৱাড়া -২০২২ৰ লগত সংগতি ৰাখি শিশুৰ স্বাস্থ্য আৰু কল্যাণমূলক আঁচনিসমূৰ ওপৰত এখন অনলাইন পর্যালোচনা বৈঠক অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সৌজন্যত অনুষ্ঠিত কৰা হয় । আয়োগৰ সদস্যা ৰুপা হাজৰিকাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত সমাজ কল্যাণ বিভাগৰ এম . আই . এছ . বিষয়া নন্দিৰ কৌৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ শিশু কল্যাণ আঁচনিসমূহৰ বিষয়ে আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শিশু স্বাস্থ্য পৰামৰ্শদাতা ড° দীপাংকৰ হাজৰিকাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ শিশু স্বাস্থ্য সম্পৰ্কীয় আচঁনি সমুহৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে । আয়োগৰ অধ্যক্ষা ড° সুনীতা চাংকাকতিয়ে শিশু কল্যাণমূলক আঁচনি সমূহৰ কার্যকাৰিতাত উপস্থিত সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।