আৰক্ষীয়ে ধৰ্মনিৰপেক্ষভাৱে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা লৈ আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc facebook

আৰক্ষীয়ে ধৰ্মনিৰপেক্ষভাৱে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা লৈ আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  সদনত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱক লৈ চলা আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদনত গ্রহ বিভাগৰ ওপৰতো আলোচনা হৈছে ২০২১ চনৰ জানুৱাৰী মাহত ৰাজ্যখনত ৮,৬৬১টা গোচৰ আৰক্ষী থানাত বন্ধু হৈছিল। এই বছৰ জানুৱাৰী মাহত ৰাজ্যখনত ৭,৭০৬টা গোচৰ আৰক্ষী থানাত ৰুজু হৈছে। সেইদৰে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত আৰক্ষী থানাত ৮,৯৪১টা গোচৰ ৰুজু হয়। এই বছৰ ফেব্ৰুৱাৰী মাহত ৫,৪২৫টা গোচৰ ৰুজু হৈছে। গড় হিচাপত চালে ২০২১ত ১১ হাজাৰ আৰু ২০২২ত ৬,৫০০টা গোচৰ ৰুজু হৈছে। এনকাউন্টাৰক কোনোৱে সমর্থন নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই বিৰোধীক সমালোচনা কৰি কয় যে ধর্ষিতা ছোৱালীৰ বাবে আমি কান্দিম নে ধর্ষণকাৰী ল’ৰাজনৰ হৈ কান্দিম? তিনি কিলোগ্রাম হেৰ’ইন কঢ়িয়াই লৈ অহা এজন যুৱক আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি গুলীবিদ্ধ হোৱা ঘটনাটোক লৈ ব্যস্ত হ’ব নে সেই হেৰ’ইনখিনিয়ে দুহেজাৰ ল’ৰা-ছোৱালীক ধ্বংস কৰাৰ বিষয়টোক লৈ উদ্বিগ্ন হ’ব? হত্যাকাৰী, ধর্ষণকাৰী, ড্ৰাগছ সৰবৰাহকাৰীৰ পিছত বিৰোধী কিয় বাৰে বাৰে থিয় হয় বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে যোৰহাটত নিৰীহ যুৱক এজনক হত্যা কৰা ক’লা ল’ৰা এজন হিন্দু ল’ৰা। মৰিগাঁৱৰ লাহৰীঘাটৰ পাঠাই এজনী ছোৱালীক মৃত্যুৰ পিছতো আকৌ ধৰ্ষণ কৰিছিল। সেই জঘন্য ধৰ্ষণকাৰী পুৰুষজনো মুছলমান আৰু ছোৱালীজনীও মুছলমান।সদনত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ স্পষ্ট কথা- আৰক্ষীয়ে ধৰ্মনিৰপেক্ষভাৱে অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা লৈ আছে। হিন্দু, জনজাতি, মুছলমান সম্প্ৰদায়ৰ লোকৰ ওপৰতো অপৰাধৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা লৈছে। কিন্তু হিন্দু, জনজাতি বিধায়কসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ অপৰাধীৰ পক্ষ লোৱা নাই। আৰক্ষীয়ে কাৰোবাক যদি গুলীয়াইছে, আইনৰ মাজেদি গুলীয়াইছে। চিআৰপিচিয়ে দিয়া ক্ষমতা অনুসৰি কাম কৰিছে। বৰ্তমানৰ চৰকাৰখনে সম্পূর্ণ ধৰ্মনিৰপেক্ষতাৰে কাম-কাজ কৰি অহাৰ বিষয়ে উনুকিয়াই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে প্রধানমন্ত্ৰীৰ আৱাস যোজনা, অৰুণোদয় আদিৰ সুবিধাও অন্যান্য জনগোষ্ঠীৰ দৰে মুছলমান সংখ্যালঘুসকলেও পাই আহিছে। অপৰাধ-ড্রাগছহে ইছ্যু হ’ব লাগে, হিন্দু-মুছলমান ইছ্যু হ’ব নালাগে। অপৰাধীৰ পক্ষত অৱস্থান নল’বলৈ বিৰোধীক আহ্বান জনাই মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ড্রাগ্‌ছকে ধৰি অপৰাধৰ বিৰুদ্ধে বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপক ৰাইজে ভাল পাইছে।ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যপালক কোনোধৰণৰ বাধা নিদিয়াকৈ সদনত ভাষণ দিয়াৰ সুযোগ দিয়াৰ বাবে বিৰোধী দেৱব্ৰত শইকীয়াকে ধৰি বিৰোধীক ধন্যবাদ জ্ঞাপন কৰি কয় যে যোৱা দুটা বছৰে বিৰোধীয়ে এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনা কালত সমালোচনাৰ মাধ্যমেৰে বিধায়কসকলে যিসমূহ ভাল পৰামৰ্শ আগবঢ়াইছে, সেইবোৰ চৰকাৰে বিবেচনা কৰি ৰূপায়ণৰ চেষ্টা কৰিব।