ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৪ টা বিভাগ আৰু ২১ টা কোষৰ সন্মিলিত বৈঠক সম্পন্ন

PC - PC - anandabazar patrika

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৪ টা বিভাগ আৰু ২১ টা কোষৰ সন্মিলিত বৈঠক সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা –ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত আজি দলৰ বশিষ্ঠস্থিত কাৰ্যালয়ত বিভাগ আৰু কোষ সমূহৰ সন্মিলিত বৈঠক অনুষ্ঠিত হৈ যায়। সভাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, বিভাগ আৰু কোষ সমূহ দলৰ মূল চালিকা শক্তি। দলৰ সাংগঠনিক শক্তিক সমগ্ৰ ৰাজ্যতে কাৰ্যক্ষম কৰি তোলাত বিভাগ আৰু কোষ সমূহৰ ভূমিকা অপৰিসীম। ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই বিভাগ আৰু কোষ সমূহৰ কৰ্মৰাজি নিৰীক্ষণ কৰাৰ লগতে সাংগঠনিক দিশত মাৰ্গ দৰ্শন কৰে। তেওঁ কয় যে দলৰ বিভাগ আৰু কোষ সমূহক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্য দলৰ ৪ টা বিভাগ আৰু ২১ টা কোষৰ কৰ্মশালা অনুষ্ঠিত কৰা হব। প্ৰাৰম্ভিক পৰ্যায়ত এই প্ৰশিক্ষণ ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হব। ইয়াৰ পিছতেই প্ৰতিখন জিলাতে এই প্ৰশিক্ষণ অনুষ্ঠিত হব। উল্লেখ্য যে আজিৰ সভাত সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ লগতে আহি থকা পঞ্চায়ত নিৰ্বাচন আৰু লোক সভা নিৰ্বাচনত দলৰ বিভাগ আৰু কোষ সমূহৰ ভূমিকা কেনেধৰণৰ হব সেই বিষয়ত বিশদভাৱে আলোচ্য হৈ যায়। ৰাজ্যিক বিজেপিৰ কোষ সমূহৰ তত্বাৱধায়ক মনোজ বৰুৱাই আঁত ধৰা আজিৰ সভাত ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শৰ্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, বিভাগৰ তত্বাবধায়ক বনদ্বীপ ডেকাৰ লগতে দলৰ ৪ টা বিভাগ আৰু ২১ টা কোষৰ আহ্বায়ক সহ আহ্বায়ক সকল উপস্থিত থাকে।