আঠগাঁৱৰ টকৌবাৰী-হাতীগাঁৱৰ শেৱালী পথত বিধ্বংসী অগ্নিকাণ্ড

pc-bbc

আঠগাঁৱৰ টকৌবাৰী-হাতীগাঁৱৰ শেৱালী পথত বিধ্বংসী অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা –আমহানগৰীৰ আঠগাঁও আৰু হাতীগাঁৱত যোৱা ২৪ ঘণ্টাত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। পৃথকে সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত এটা ব্যৱসায়িক প্রতিষ্ঠানসহ পাঁচটা কোঠালি জ্বলি ছাই হয়। অগ্নিনির্বাপক বাহিনীৰ এক সূত্রই জানিবলৈ দিয়া মতে, আজি নিশা প্রায় ৮ বজাত আঠগাঁৱৰ টকৌবাৰীৰ দিলীপ কুমাৰ শৰ্মাৰ বাসগৃহত থকা এটা মটৰ পাৰ্টছৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। নিমিষতে জুয়ে গুদাম ছানি ধৰাত অঞ্চলজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ১১খন বাহনেৰে স্থানীয় লোকৰসহযোগত দীর্ঘসময় ধৰি চেষ্টা চলাই জুই নুমুৱাবলৈ সক্ষম হয়। অৱশ্যে জুই নির্বাপণৰ পূৰ্বেই মটৰ পাৰ্টছৰ গুদামৰ পৰা জুই দিলীপ কুমাৰ শৰ্মাৰ বাসগৃহলৈ সম্প্ৰসাৰণ হোৱাত তেওঁৰ বাসগৃহটো সম্পূৰ্ণৰূপে জ্বলি ছাই হয়। প্রাপ্ত খবৰ অনুসৰি এই বিধ্বংসী অগ্নিকাণ্ডত মটৰ পাৰ্টছৰ গুদামটোত থকা লক্ষাধিক টকাৰ পাৰ্টছ জ্বলি ছাই হয়। ইপিনে, দিলীপ কুমাৰ শৰ্মাৰ বাসগৃহত থকা সকলো সামগ্রী জ্বলি ছাই হোৱাৰ লগতে বহু নথিপত্ৰ আৰু লক্ষাধিক টকাৰ সোণৰ গহনা ভস্মীভূত হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শর্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰে। ইপিনে মহানগৰীৰ হাতীগাঁৱত কালি নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। হাতীগাঁৱৰ শেৱালি পথৰ চমচেৰ আলী নামৰ এজন লোকৰ ভাৰাঘৰত নিশা প্ৰায় ১২.৩০ বজাত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে। নিমিষতে জুইৰ লেলিহান শিখাই বাসগৃহটো ছানি ধৰাত অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়। পাছত আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ লগতে ভাৰাঘৰৰ চাৰিটা কোঠালি জ্বলি ছাই হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শর্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।