ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা

ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- নাৰী তুমি অনন্যা তুমিয়ে সৃষ্টিৰ মূল কিন্তু একাংশ লম্পট পুৰুষৰ বাবে নাৰী হৈ পৰিছে এতিয়া ভোগৰ সামগ্ৰী।একাংশ পুৰুষৰ বাবে নাৰী এতিয়া যৌতুক দাবীৰ মাধ্যম হৈ পৰিছে।হয় তেনে এক ঘটনা সংঘটিত হৈছে বটদ্ৰৱাৰ কদমনিত কদমনি গাঁওৰ নাজিমা খাতুন নামৰ এই গৰাকী শিক্ষিত যুৱতীৰ পাঁচ বছৰ পূৰ্বে হাতিযোজুৱা গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ মমিনুল ইছালৰ লগত হৈছিল বিয়া।দুয়োৰে হৈছিল প্ৰেম বিবাহ কিন্তু লম্পট মমিনুলৰ লোভ আছিল নাজিমাৰ পিতৃৰ সম্পত্তিৰ ওপৰত হে।বিয়াৰ পিছৰ পৰাই লম্পট স্বামীৰ আৰু স্বামীৰ পৰিয়ালৰ হেঁচাত নাজিমাৰ পিতৃয়ে প্ৰায় ১লাখ টকাৰ লগতে প্ৰায় ১লাখ টকাৰ বয়-বস্তু দিয়ে।ইয়াৰ পিছত লোভ যেন আৰু বাঢ়িল স্বামী পৰিয়ালৰ এইবাৰ তেওঁলোকক লাগে এখন মটৰ চাইকেল আৰু একেলগে লাগে ১লাখ টকা দিব নোৱাৰা নাজিমা খাতুনক মাৰ পিট কৰি খেদি পঠিয়াই পিতৃ গৃহত।এয়া আঠ মাহ পূৰ্বৰ ঘটনা আৰু এই শিক্ষিত যুৱতী নাজিমাই বিয়াৰ পিছৰ পৰাই প্ৰতি দিনে বলি হৈ আহিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ।আঠ মাহ ধৰি আশ্ৰয় লৈ আছে পিতৃ গৃহত।পিতৃ গৃহৰ পৰাই নাজিমাই ন্যায় বিচাৰি জাজৰী আৰক্ষী থানাত ৬ডিচেম্বৰ ২০২১তাৰিখে এখনি এজাহাৰ দাখিল কৰিছে।জাজৰী আৰক্ষীয়েও গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।কিন্তু নাজিমাৰ স্বামীয়ে যৌতুকৰ লোভত দুদিন পূৰ্বে অন্য এগৰাকী যুৱতীক বিয়া পতা বুলি খবৰ পায় নাজিমা মঙলবাৰে উপস্থিত হৈছিল স্বামী গৃহত সেইদিনাও নাজিমাক মাৰ-পিট কৰি খেদি পঠিয়াই স্বামীৰ পৰিয়ালে।এই নাজিমা খাতুন নামৰ যুৱতী গৰাকীয়ে আদালততো গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।অৱশেষত নাজিমাই সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰিছে আৰু এই লম্পট মমিনুলৰ কঠোৰ শাস্তি দাবী কৰিছে।এতিয়া প্ৰশ্ন হয় নাৰীক উচ্চ আসনত ৰখাৰ শ্লগান দিয়া বিজেপি চৰকাৰে ন্যায় দিবলৈ সক্ষম হবনে এই সাত মহীয়া গৰ্ভৱতী শিক্ষিত যুৱতী গৰাকীক।পাৰিবনে অসম আৰক্ষী প্ৰশাসনে নাৰীক ভোগৰ সামগ্ৰী বুলি গণ্য কৰা এই লম্পটটোক উচিত শাস্তি দিব নে প্ৰতি দিনেই এনেদৰেই নিৰ্যাতিত হৈ থাকিব নাৰী?