ৰাজ্যত এতিয়াও অব্যাহত কৰ’নাৰ নীতি-নিৰ্দেশনা

ৰাজ্যত এতিয়াও অব্যাহত কৰ’নাৰ নীতি-নিৰ্দেশনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ’নাৰ কিছু নীতি-নিৰ্দেশনা।আকৌ ঠায়ে ঠায়ে বাঢ়িছে কৰ’নাৰ সংক্ৰমণ।কিন্তু ৰাজ্যত এই সকলোবোৰ নীতি-নিৰ্দেশনা কেতিয়া আঁতৰিব?এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে ভেকচিন ল’বলৈ পুনৰ এবাৰ আহ্বান জনাই কয় যে,”কৰ’না ভাইৰাছক প্ৰতিহত কৰিবলৈ দেশজুৰি চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া।অসমতো জোৰদাৰ গতিত চলি আছে ভেকচিনেশ্যন প্ৰক্ৰিয়া।সৰ্বাধিক লোকে প্ৰথম ডোজ ভেকচিন ইতিমধ্যে ল’লে যদিও দ্বিতীয় ডোজ ভেকচিন ল’বলৈ সৰহসংখ্যক লোক বাকী আছে।কৰ’নাৰ ভেকচিন দিয়া কাম সম্পূৰ্ণ হোৱাৰ পিছতহে সকলোধৰণৰ বাধা-নিষেধ আঁতৰ হ’ব।