ৰাজ্যত অপৰাধজনিত ঘটনা ৬৮ শতাংশ হ্রাসঃমুখ্যমন্ত্রী

Pc News Arena

ৰাজ্যত অপৰাধজনিত ঘটনা ৬৮ শতাংশ হ্রাসঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে । ২০২১ চনৰ তুলনাত ২০২৫ চনত ৬৮ শতাংশ অপৰাধজনিত ঘটনা হ্রাস পাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য সদৰী কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা তথ্য অনুসৰি ৰাজ্যত অপৰাধৰ হাৰ হ্ৰাস পোৱাৰ লগতে অপৰাধমূলক গোচৰৰ তদন্ত, অভিযোগনামা দাখিল আৰু দোষী সাব্যস্ত কৰাৰ হাৰো বৃদ্ধি পাইছে । মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত এই তথ্য শ্বেয়াৰ কৰি লিখিছে- এই পৰিসংখ্যাই দ্রুত তদন্ত আৰু অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জবাবদিহিতাক প্রতিফলিত কৰিছে। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনত প্রতি লাখ জনসংখ্যাৰ বিপৰীতে ৩৭৯ৰ পৰা ২০২৫ চনত ১২১.৫ সংখ্যালৈ হ্রাস পাইছে অপৰাধ। তদুপৰি অভিযোগনাম দাখিলৰ হাৰ ৪৮.৮ শতাংশৰ পৰা ৮৭.৬৬ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে ২০২০ চনত ৫.৫ শতাংশৰ পৰা ২০২৬ চনত ৩০.৮৮ শতাংশলৈ দোষী সাব্যস্তকৰণৰ হাৰো বৃদ্ধি পাইছে। মুখ্যমন্ত্রীয়ে লিখিছে- তদন্ত দ্রুতগতিত আগবাঢ়িছে আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ উন্নত হোৱাৰ ফলত অপৰাধৰ হাৰ হ্ৰাস পাইছে। মন কৰিবলগীয়া যে অসম আৰক্ষীৰ তথ্য অনুসৰি ৰাজ্যত ২০২১ চনত বিচাৰাধীন গোচৰৰ সংখ্যা আছিল ১,৩৩,২৩৯টা আৰু ২০২৬ চনৰ জুলাইলৈকে এই সংখ্যা ১০,১৩৬টালৈ হ্রাস পাইছে। একেদৰে ২০২২ চনত ৰাজ্যখনত চার্জশীট দাখিলৰ হাৰ আছিল ৩৪.৩ শতাংশ আৰু ২০২৬ চনৰ জুলাই মাহলৈকে এই হাৰ ৮৬.৬৫ শতাংশলৈ বৃদ্ধি পাইছে। কেৱল চলিত বৰ্ষৰ জুলাই মাহত দোষী সাব্যস্ত হোৱাৰ হাৰ ৩৮.১ শতাংশ হৈছেগৈ। যিয়ে ৰাজ্যৰ ভিতৰতে এটা মাহত দোষী সাব্যস্তকৰণ হোৱাৰ হাৰ সৰ্বাধিক। মুখ্যমন্ত্ৰীয়ে এক্সৰ পোষ্টটোত লিখিছে, “ৰাজ্যত তদন্তৰ গতি বৃদ্ধি পাইছে, দোষী সাব্যস্তৰ হাৰ ঊৰ্ধ্বমুখী হৈছে আৰু অপৰাধৰ হাৰ ক্ৰমান্বয়ে শূন্যৰ ফালে আগবাঢ়িছে ।” মুখ্যমন্ত্ৰীয়ে পোষ্টটোৰ জৰিয়তে অপৰাধীসকলক সকীয়নিও প্ৰদান কৰিছে । অসম আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে কঠোৰ দৃষ্টি ৰাখিছে বুলি তেওঁ সতৰ্কবাৰ্তা দিছে ।