৪৮ ঘণ্টাৰ অন্তত ডিব্ৰুগড়ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

৪৮ ঘণ্টাৰ অন্তত ডিব্ৰুগড়ত ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়তপ্রায় ৪৮ ঘণ্টাৰ অন্তত আৰক্ষীৰ গুলীত নিহত হোৱা গুৱাহাটীৰ হোটেল বিলাস ইন কাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ  মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে ৷  ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত বিয়লি ভাগত সম্পন্ন কৰা হয় ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত সম্বন্ধীয় এজন ককায়েকসহ গাঁৱৰ দুই আত্মীয়ই চমজি লয় মৃতদেহ। মৃতদেহটো নাহৰকটীয়াৰ জয়পুৰৰ লেবাংকুলা গাঁৱৰ নিজ গৃহলৈ নিয়াৰ ব্যৱস্থা কৰি দিয়ে ডিব্ৰুগড়ৰ আৰক্ষী বিভাগে। এই কথা সাংবাদিকক জানিবলৈ দিয়ে ঘনকান্ত গগৈৰ সম্বন্ধীয় ককায়েকজনে। মৰণোত্তৰ পৰীক্ষাৰ সময়ত তিনিখন চিকিৎসা প্রতিষ্ঠানৰ তিনিজন ফৰেনছিক বিশেষজ্ঞ উপস্থিত থকাৰ বিষয়ে সদৰী কৰে হাস্পতালখনৰ অধীক্ষক ড° ধ্ৰুৱজ্যোতি ভূঞাই। অৱশ্যে কোন কোন চিকিৎসা প্রতিষ্ঠানৰ ফৰেনছিক বিষেশজ্ঞ আছিল তাক মুকলিকৈ প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। উল্লেখ্য যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনা অনুসৰি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সা-সুবিধা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপলব্ধ নথকাৰ কথা পোহৰলৈ অহাৰ পিছতে মৰণোত্তৰ পৰীক্ষাস্থলী স্থানান্তৰৰ সিদ্ধান্ত লোৱা হয়। প্রথম অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তিনিজনীয়া চিকিৎসকৰ এটা দলে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। পৰৱৰ্তী সময়ত অসম মেডিকেল কলেজ হাস্পতাল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক বিকল্প হিচাপে বিবেচনা কৰা হয়। কিন্তু, ঘনকান্তৰ পৰিয়াল নাহৰকটীয়াত বাস কৰে বাবেই অৱশেষত ডিব্ৰুগড়ৰ মেডিকেল কলেজ নিৰ্বাচন কৰা হয়। কালি সন্ধিয়া প্রায় ৬ বজাত মৃতদেহ ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীলৈ অনা হৈছিল। তাৰ পৰা মৃতদেহটো অসম মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ স্থানান্তৰ কৰা হয়। ইফালে ঘনকান্ত গগৈৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ নামত তেওঁলোকক অযথা হাৰাশাস্তি কৰে বুলিও ক্ষোভ প্রকাশ কৰে।  দিনজোৰা অপেক্ষাৰ অন্তত অৱশেষত বিভিন্ন বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে নিশা ৯ বজাত নাহৰকটীয়াৰ জয়পুৰ তাঁতীপথাৰ গাঁৱৰ পিতৃগৃহত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়  অভিযুক্ত ঘনকান্ত গগৈৰ। উল্লেখ্য যে ২৬ অক্টোবৰত সংঘটিত এই নাৰকীয় ঘটনাটোৰ মূল অভিযুক্তৰূপে চিহ্নিত ঘনকান্ত গগৈক ৩ নৱেম্বৰৰ বিয়লি আন এটা অপৰাধৰ ঘটনাৰ তদন্তৰ বাবে শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰলৈ আনি থাকোঁতে কালি পুৱতি নিশা ফুলপানিছিগা অঞ্চলত প্ৰস্ৰাৱ কৰাৰ ছলেৰে আৰক্ষীৰ পিষ্টল কাঢ়ি গুলীয়াবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীয়াই নিহত কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল আৰু মৃতদেহটো চিনাক্তকৰণৰ বাবে ঘনকান্তৰ ভাতৃ শুভকান্ত গগৈয়েও শিৱসাগৰত উপস্থিত হৈছিলগৈ। কিন্তু আৰক্ষীৰ হাতত অথবা আৰক্ষীৰ জিম্মাত নিহত লোকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ তিনিজন ফৰেনছিক বিশেষজ্ঞ উপস্থিত থকাৰ যি আইনী নিয়ম আছে, তাৰ বাবে  বুধবাৰে বিয়লি তেওঁৰ মৰণোত্তৰ পৰীক্ষা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। কিন্তু বিয়লি ৪.৩০ বজাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনত মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাৰ নিয়ম থকাৰ বাবে বৃহস্পতিবাৰলৈ পিছুৱাই দিয়াৰ লগতে এগৰাকী ফৰেনছিক বিশেষজ্ঞ আহি নোপোৱাৰ অজুহাতত তেওঁৰ মৰণোত্তৰ পৰীক্ষা  পিছবেলা সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হয়।  অৱশেষত বিয়লি ঘনকান্তৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত তেওঁৰ মৃতদেহ পোনে পোনে জয়পুৰৰ বাসগৃহলৈ অনাৰ লগতে নিজ গৃহতে পিতৃৰ সমাধিৰ কাষতে ঘনকান্তক সৎকাৰ কৰা হয়। অঞ্চলটোৰ ৰাইজৰ উপস্থিতিত সম্পন্ন হোৱা এই অন্তিম সৎকাৰত মুখাগ্নি কৰে তেওঁৰ কনিষ্ঠ ভাতৃ শুভকান্ত গগৈয়ে।