ৰাজ্যজুৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্ম দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- ১৮ নৱেম্বৰ অসমৰ সংগীত জগতৰ মুকুটবিহীন সম্ৰাট, কোটি কোটি অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন ।প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোণাপুৰৰ জুবিনক্ষেত্ৰতো গভীৰ আৱেগ, শ্রদ্ধা আৰু বেদনাৰে উদযাপন কৰা হয়। প্রিয় শিল্পীৰ অবর্তমানত দ্বিতীয়টো জন্মদিন উযদাপন কৰিবলৈ গৈ শোক আৰু স্মৃতিৰে ভাৰাক্ৰান্ত হৈ পৰে জুবিনক্ষেত্ৰৰ পৰিৱেশ। তথাপি প্রিয় শিল্পীগৰাকীৰ প্ৰতি থকা অগাধ ভালপোৱা আৰু শ্রদ্ধা প্রকাশ কৰিবলৈ পুৱাৰে পৰা শ শ অনুৰাগীৰে লোকাৰণ্য হৈ পৰে সোণাপুৰস্থিত জুবিনক্ষেত্র। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে জুবিনক্ষেত্রখন আটকধুনীয়াকৈ সজাই-পৰাই তোলাৰ লগতে শ শ বন্তি আৰু চাকিৰ পোহৰেৰে আলোকিত কৰা হয়। শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে গামোচা, ফুল, ধূপ-চাকি আগবঢ়াই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। বুধবাৰে পুৱা ৭.৩০ বজাতেই জুবিন ক্ষেত্ৰত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব । আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাকে ধৰি সংগঠনটোৰ বহুকেইগৰাকী শীৰ্ষ নেতাই শিল্পীগৰাকীৰ চিৰ বিশ্ৰামস্থলীত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । দুয়োগৰাকী আছু নেতাই প্রথমে প্রিয় শিল্পীগৰাকীৰ স্মৃতিত গামোচা আগবঢ়ায় আৰু ধূপ-চাকি জুলাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যই জুবিনক্ষেত্রখন সর্বাংগসুন্দৰ ৰূপত নিৰ্মাণ কৰাৰ পোষকতা কৰে। তেওঁ কয় যে জুবিনক্ষেত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত জুবিনক্ষেত্ৰ পৰিচালনা সমিতিৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ আস্থা আছে। পৰিচালনা সমিতিয়ে জুবিনক্ষেত্ৰৰ বাবে এখন সুন্দৰ ৰূপৰেখা প্ৰস্তুত কৰিব আৰু সেই ৰূপৰেখা অনুসৰিয়েই অসম চৰকাৰে ক্ষেত্ৰখন নিৰ্মাণ কৰিব লাগিব। তেওঁৰ মতে, পৃথিৱীৰ যিকোনো প্ৰান্তৰ পৰা অহা লোকসকলে জুবিনক্ষেত্রত উপস্থিত হৈ জুবিন গাৰ্গৰ জীৱন, দর্শন, চিন্তা-চেতনা আৰু সৃষ্টিৰাজিৰ সৈতে পৰিচিত হ’ব পৰাকৈ ক্ষেত্রখন গঢ়ি তুলিব লাগিব। জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু তেওঁৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে সকলোৱে দায়িত্ব পালন কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে কয় যে আজিৰ দিনটোত অন্তৰত এক বিশেষ বেদনা অনুভৱ হৈছে। অসমবাসীয়ে জুবিন গাৰ্গৰ সৃষ্টি, কণ্ঠ আৰু চিন্তা-চেতনাক মনে-প্রাণে ভাল পাইছিল। সেয়েহে তেওঁৰ সৃষ্টিৰাজি যাতে চিৰদিন জীপাল হৈ থাকে, তাৰ বাবে সকলোৱে ঐক্যবদ্ধভাবে কাম কৰিব লাগিব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় প্ৰদানৰ প্ৰসংগত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব। এছ আই টিৰ প্ৰতিবেদনত উল্লেখ থকা প্ৰতিটো বিষয় আৰু তথ্য আদালতত প্রমাণ কৰাৰ দায়িত্ব অসম চৰকাৰৰ। সেয়েহে চৰকাৰৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰু গধুৰ দায়িত্ব আহি পৰিছে। এছ আই টিৰ প্ৰতিবেদনত থকা সকলো তথ্য আদালতত যথাযথভাৱে উপস্থাপন কৰি প্ৰয়োজনীয় ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে জুবিন গার্গে ন্যায় নোপোৱালৈকে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ সংগ্ৰাম অব্যাহত ৰাখিব। এয়া কেৱল আছুৰ দাবী নহয়, বৰঞ্চ সমগ্ৰ অসমবাসীৰ দাবী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিধানসভাত জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি মন্তব্য কৰাৰ প্ৰসংগ উল্লেখ কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে এই ঘটনাৰ সৈতে জড়িত দোষীসকলক কঠোৰ শাস্তি প্রদান কৰিবই লাগিব।
