২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্রন্থমেলা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত আৰম্ভ হৈছে গ্রন্থোৎসৱৰ বতৰ । লেখক-পাঠক-প্রকাশকৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এইবছৰৰ গুৱাহাটীৰ অসম গ্রন্থমেলা ১৪ দিনীয়াকৈ আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে । অসম প্রকাশন পৰিষদ আৰু পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড নর্থ-ইষ্টৰ যৌথ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ১৪ দিনীয়া বর্ণিল কাৰ্যসূচীৰে বাৰ্ষিক ‘অসম গ্রন্থমেলা, গুৱাহাটী’ৰ আয়োজন কৰিছে। অসমৰ নতুন আৰু পুৰণি প্ৰজন্মক একত্ৰিত কৰাৰ মূল লক্ষ্যৰে সাহিত্য, সংস্কৃতি, ইতিহাস আৰু নৱপ্ৰজন্মৰ লেখকসকলক উৎসাহিত কৰাৰ বিশেষ পদক্ষেপেৰে এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। এই কথা বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কার্যালয়ত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ে সদৰী কৰে। প্রমোদ কলিতাই কয়, ‘‘গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত থকা প্রকাশন গোষ্ঠী আৰু বিক্রেতাসকলে গুৱাহাটীৰ অসম গ্রন্থমেলাত যোগদান কৰাৰ লগতে কলকতা, নতুন দিল্লী, হায়দৰাবাদ আদিৰ দেশৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী তথা বিদেশৰো কেবাটিও প্রকাশন প্রতিষ্ঠানে অংশগ্ৰহণ কৰিব ।’’ পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড নর্থ-ইষ্টৰ সভাপতি ভাস্কৰ দত্ত বৰুৱা, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী আৰু সম্পাদক ধীৰাজ গোস্বামীৰ লগতে গীল্ডৰ অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিত পৰিষদৰ সচিব প্রমোদ কলিতাই বহুপ্রত্যাশিত গ্রন্থমেলাখন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰিব বুলি সদৰী কৰে। প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে সদৰী কৰা মতে, পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ বিৰুদ্ধে আদালতত গোচৰ চলি থকাৰ বাবেই প্রকাশন পৰিষদে এইবাৰ গীল্ডৰ সৈতে চুক্তিবদ্ধহৈছে। সচিবগৰাকীয়ে জনোৱা অনুসৰি এই বাৰ গ্ৰন্থমেলাৰ বাকৰিত বাণিজ্যিক কাৰ্যকলাপৰ ক্ষেত্ৰত আয়োজকসকলে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি, মেলাস্থলীৰ ভিতৰত সীমিত খাদ্যৰ বিপণী স্থাপনৰ অনুমতি দিয়া হ’ব আৰু আন কোনোধৰণৰ ব্যৱসায়িক কার্যকলাপ চলিবলৈ দিয়া নহ’ব। গ্ৰন্থমেলাৰ সময়ছোৱাত এখন তিনিদিনীয়া কবি সন্মিলনৰো আয়োজন কৰা হৈছে। ইয়াত অংশগ্ৰহণৰ বাবে আগ্রহী কবিসকলে অনলাইনযোগে আবেদন কৰিব লাগিব আৰু এই সমগ্র প্রক্রিয়াটো গীল্ডে পৰিচালনা কৰিব। ইয়াৰ উপৰি, প্ৰকাশন খণ্ডত ডিজিটেল বিপণনৰ সুযোগসমূহৰ সৈতে অংশগ্ৰহণকাৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এইবাৰ এক ‘অনলাইন মার্কেটিং কর্মশালা’ও নতুন আকর্ষণ হিচাপে অন্তর্ভুক্ত কৰা হৈছে। লগতে গ্রন্থ উন্মোচনৰ বাবে মেলাস্থলীত দুখন পৃথক মঞ্চৰ ব্যৱস্থা থাকিব। সংবাদ মেলত সচিব কলিতাই লগতে জনায় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিগত ২০২৫ বর্ষটোক ‘গ্রন্থ বর্ষ’ হিচাপে কৰা ঘোষণাৰ লগত সংগতি ৰাখি অসম প্রকাশন পৰিষদে হাতত লোৱা ফেল ‘শ্বিপ প্রকল্পৰ বাছনিত উঠা লেখকসকলক এই গ্রন্থমেলাত আনুষ্ঠানিকভাৱে ফেল’শ্বিপ প্রদান কৰা হ’ব। এই গ্রন্থমেলাতে প্রদান কৰা হ’ব ঐতিহ্যমণ্ডিত ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’। উল্লেখ্য যে প্রতিখন অসম গ্রন্থমেলাতে সাহিত্য-সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ক সামৰি গুৰুত্বপূৰ্ণ আলোচনা-সত্ৰ আয়োজিত হৈ আহিছে। গুৱাহাটীৰ অসম গ্রন্থমেলাত বিভিন্ন আলোচনা-সত্ৰৰ উপৰি লেখক-পাঠক সমাৰোহ, যুৱ লেখক সমাৰোহ, কবি সন্মিলন আদি অনুষ্ঠিত কৰা হ’ব। তদুপৰি এটা দিন গ্ৰন্থমেলাৰ বাকৰিত ‘শিশুৰ দিন’ হিচাপে উদযাপন কৰা হ’ব। ‘শিশুৰ দিন’ত শিশুসকলৰ মাজত চিত্রাংকন, কবিতা আবৃত্তি প্রতিযোগিতা আৰু আকর্ষণীয় মুকলি কুইজৰ আয়োজন কৰা হ’ব। অসম প্রকাশন পৰিষদ আৰু পাৰিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ গীল্ড নর্থ-ইষ্টে অসম গ্রন্থমেলা, গুৱাহাটীলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এই সংবাদ মেলতে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদনমর্মে বিগত বছৰৰ দৰে এই বছৰো ৪০ (চল্লিশ) বছৰৰ তলৰ যুৱ লেখক-লেখিকাৰ বাবে এক আর্থিক সাহায্য আঁচনি ‘যুৱ লেখক সন্মান’ৰ বাবে আবেদন-পত্ৰ বিচৰা হৈছে। এই আঁচনি অনুসৰি ‘যুৱ লেখক সন্মান’ৰ বাবে কেৱল অসমৰ স্থানীয় বাসিন্দাসকলেহে আবেদন কৰিব পাৰিব। অসমীয়া, বাংলা, বড়ো, হিন্দী ভাষাৰ লগতে মিচিং, কার্বি, নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চর্চা কৰা যুৱ লেখক-লেখিকাসকলে আবেদন কৰিব পাৰিব। যিসকল যুৱ লেখক-লেখিকাই ইতিমধ্যে গ্ৰন্থ ৰচনা কৰিছে অথবা যিসকল লেখক-লেখিকাৰ অসমৰ প্ৰতিষ্ঠিত আলোচনী-কাকতত নিয়মীয়াকৈ সাহিত্য তথা অন্যান্য বিষয়ৰ লেখা প্রকাশ হৈ আছে তেওঁলোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনকাৰীৰ বয়স যোৱা ১ জানুৱাৰী, ২০২৬ত ৪০ (চল্লিশ) বছৰৰ বেছি হ’ব নালাগিব। এই ‘যুৱ লেখক সন্মান’ আঁচনিৰ জৰিয়তে নির্বাচিত লেখকৰ প্ৰতিজনকে ২৫ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব। উল্লেখ্য যে বিগত বৰ্ষত এই ‘যুৱ লেখক সন্মান’ লাভ কৰাসকলে এই বছৰ আবেদন কৰিব নোৱাৰিব। ‘যুৱ লেখক সম্মান’ৰ বাবে আবেদন কৰিব বিচৰাসকলে অসম প্রকাশন পৰিষদৰ ৱেবছাইট www.publicationboardassam.com উপলব্ধ ‘Yuba Lekhok Sanman Application Form’ পূৰণ কৰি Submit কৰিব লাগিব। আবেদনকাৰীৰ পঞ্জীয়নভুক্ত ই-মেইল ঠিকনালৈ Google Forms-ৰ পৰা প্ৰেৰণ কৰা ই-মেইলটো খুলি ফর্মখন ডাউনলোড কৰি প্রিন্ট উলিয়াব পাৰিব। পূৰণ কৰা আবেদন-পত্ৰখনৰ এটা কপী (printout) সংশ্লিষ্ট নথিপত্ৰৰ সৈতে (নিজৰ প্রকাশিত গ্রন্থ, যিসকলৰ নিজৰ গ্ৰন্থ প্ৰকাশ পোৱা নাই অথচ প্রতিষ্ঠিত আলোচনী-কাকতত তেওঁলোকৰ লেখা প্রকাশ হৈছে, তেনে লেখাৰ ফটোকপী, ভোটাৰ আই ডিৰ ফটোকপী, বয়সৰ প্ৰমাণ-পত্ৰৰ ফটোকপী) নিম্নোক্ত ঠিকনা- ‘যুৱ লেখক সন্মান, অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১’লৈ ৫ ডিচেম্বৰ, ২০২৬ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।
