ৰাজহ মন্ত্রী কেশৱ মহন্ত আৰু অভিভাৱক মন্ত্রী বিমল বড়াৰে পৰ্যালোচনা বৈঠক সম্পন্ন
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়া বান পৰিস্থিতৰ লগতে প্ৰাৰম্ভিক ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অহা কেন্দ্রীয় আন্তঃমন্ত্ৰালয় দলৰ সৈতে শিৱসাগৰ জিলাৰ বান সাহায্য অভিযান আৰু ক্ষয়-ক্ষতি সন্দর্ভত আলোচনাত মিলিত হয় ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্ত। শিৱসাগৰ জিলা আয়ুক্তৰ কার্যালয়ত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (দুর্যোগ ব্যৱস্থাপনা) এম ৰামচন্দ্ৰডুৰ নেতৃত্বত অহা চাৰিজনীয়া কেন্দ্ৰীয় দলৰ সৈতে অনুষ্ঠিত এই বান পর্যালোচনা বৈঠকত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়া আৰু শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱসহ জিলা প্ৰশাসনৰ বিষয়াবৰ্গই অংশগ্ৰহণ কৰে। বৈঠকত শিৱসাগৰ জিলাত শেহতীয়া বানৰ প্রকোপ আৰু বিধবংসী প্রভাৱৰ বিষয়ে সবিশেষ কেন্দ্রীয় বান পর্যবেক্ষণকাৰী দলটোক অৱগত কৰা হয়। উচ্চস্তৰীয় কেন্দ্ৰীয় দলটোৰ সদস্য হিচাপে অহা কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, বিত্ত মন্ত্ৰালয়ৰ যুটীয়া সচিব (ব্যায় বিভাগ) মহেশ কুমাৰ, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ মাণ্ডলিক বিষয়া ধীৰাজ আৰু ৰাষ্ট্ৰীয় ৰিম’ট চেনজিং কেন্দ্ৰ (এনআৰএছচি)ৰ বিজ্ঞানী ড° এছভিএছপি শর্মাই বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ লগতে জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণসহ জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলে জিলা প্রশাসনক প্রতিনিধিত্ব কৰে। এই আলোচনাত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ বিষয়াদ্বয় ৰাজেশ দত্ত আৰু মির্জা মহম্মদ ঈশ্বাদো উপস্থিত থাকে। বৈঠকত জিলা প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰা উদ্ধাৰ অভিযান, বর্তমান অব্যাহত থকা সাহায্য অভিযান, আশ্রয় শিবিৰৰ ব্যৱস্থাপনা আৰু বন্যার্তসকললৈ আগবঢ়োৱা চিকিৎসা সেৱাৰ বিষয়ে কেন্দ্ৰীয় দলটোক অৱগত কৰা হয়। ইয়াৰ উপৰি বানৰ ফলত আন্তঃগাঁথনিগত ব্যৱস্থা, কৃষিক্ষেত্র আৰু পশুধনত হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ তথ্য আলোকচিত্রসহ জিলা আয়ুক্তই কেন্দ্রীয় প্রতিনিধি দলৰ সন্মুখত উপস্থাপন কৰে।
