কমনৱেলথ গেমছত ভাৰোত্তোলনত জ্ঞানেশ্বৰী-ৰাজাৰ ৰূপৰ পদক লাভ
ৰঙিলী বাৰ্ত্তাসেৱা- মীৰাবাঈ চানু, ঋষিকান্ত সিঙৰ পিছত গ্লাছগোত চলি থকা কমনৱেলথ গেমছৰ ভাৰোত্তোলনত পদক জয় কৰিলে জ্ঞানেশ্বৰী যাদৱ, ৰাজা মুথুপাণ্ডি আৰু বিন্দাৰাণী দেৱীয়ে। ইয়াৰ লগে লগে কমনৱেলথ গেমছত ভাৰতৰ পদক জয়ৰ সংখ্যা পাঁচটালৈ বৃদ্ধি হয়। সোমবাৰে অনুষ্ঠিত মহিলাৰ ৫৩ কেজি শাখাত দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদক জয় কৰে এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক জয়ী জ্ঞানেশ্বৰীয়ে। সৰ্বমুঠ ১৯৯ কেজি উত্তোলন কৰি দ্বিতীয় স্থানটো অধিকাৰ কৰে ভাৰতীয় ভাৰোত্তোলকগৰাকীয়ে। জ্ঞানেশ্বৰীয়ে স্নেটছত ৮৮ কেজি উত্তোলন কৰাৰ বিপৰীতে ক্লীন এণ্ড জার্কত ১১১ কেজি উত্তোলন কৰে। জ্ঞানেশ্বৰীৰ পিছত আজি অনুষ্ঠিত মহিলাৰ ৫৮ কেজি শাখাত ভাৰতৰ বিন্দাৰাণী দেৱীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। মণিপুৰৰ ভাৰোত্তোলকগৰাকীয়ে স্নেটছত ৮৭ কেজি আৰু ক্লীন এণ্ড জার্কত ১১২ কেজি সর্বমুঠ ১৯৯ কেজি উত্তোলন কৰি তৃতীয় স্থান দখল কৰে। ইপিনে, ভাৰতৰ দ্ৰুত মানৱ গুৰিন্দৰবীৰ সিঙে হতাশজনক প্ৰদৰ্শন দাঙি ধৰি ধৰে। পুৰুষৰ ১০০ মিটাৰ দৌৰৰ হিটত ২৮সংখ্যক স্থান লাভ কৰি বিদায় মাগে গুৰিন্দৰবীৰ সিঙে। ২৫ বছৰীয়া দৌৰবিদগৰাকীয়ে ১০.৩৯ ছেকেণ্ডেৰে হিট-৪ত দ্বিতীয় স্থান লাভ কৰে যদিও সামগ্রিকভারে ২৮ সংখ্যক স্থান লাভ কৰাত ছেমিফাইনেলত প্ৰৱেশ কৰাত ব্যর্থ হয়।
