ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত 

Pc The Economic Times

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ আগত 

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা প্ৰচাৰ কৰিব নোৱাৰিব এক্সিট প’ল, অপিনিয়ন প’ল, জ্যোতিষীৰ ভৱিষ্যতবাণী

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়তে ভোট গ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে ৰাজনৈতিক দলৰ প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। এই অনুসৰি ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিৰ নিৰ্বাচনৰ ক্ষেত্ৰত অহা ১৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাত ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব। এই অনুসৰি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত ১৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্বন্ধীয় কোনো সভা, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব বা কোনো জনসমাগমত নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। তদুপিৰ টেলিভিশ্বন, চিনেমেটোগ্ৰাফ বা অন্য তেনে কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা যিকোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান অনুষ্ঠিত কৰি নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰেৰে জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব। উক্ত সময়খিনিত ছপা, বৈদ্যুতিন বা আন কোনো মাধ্যমতে এক্সিট প’ল, অপিনিয়ন প’ল প্ৰকাশ-প্ৰচাৰ-সম্প্ৰচাৰ কৰিব নোৱাৰিব। জ্যোতিষীৰ ভৱিষ্যতবাণী, টেৰট কাৰ্ড ৰিডিং, ৰাজনৈতিক বিশ্লেষণ আদিও প্ৰচাৰ-প্ৰকাশ কৰিব নোৱাৰিব।  ভোট প্ৰদানৰ ক্ষেত্ৰত ভোটাৰসকলে স্বসিদ্ধান্তৰে নিৰ্বাচনত অংশগ্ৰহণৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।