গেলেকী ন-পুখুৰী শাখা সাহিত্য সভাৰ “নিজৰ দিন “পালন

গেলেকী ন-পুখুৰী শাখা সাহিত্য সভাৰ “নিজৰ দিন “পালন
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-   অসম সাহিত্য সভা “নিজৰ দিন” উপলক্ষে শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত গেলেকী নৱ-গঠিত ন-পুখুৰী শাখা সাহিত্য সভাই পহিলা ব’হাগত ন-পুখুৰী বৃহত্তৰ অঞ্চলৰ দহ গৰাকী সামাজিক, খেলুৱৈ, শিল্পী সংস্কৃতিক কৰ্মী,শিক্ষাৰ ক্ষেত্ৰত সমাজলৈ বিশেষ ভাৱে অৱদান আগবঢ়োৱা জেষ্ঠ ব্যক্তিসকলক সম্বৰ্দ্ধনা আগবঢ়ায়। ন-পুখুৰী শাখা সাহিত্য সভাৰ সভাপতি দিলীপ মহন্ত, সম্পাদিকা দিপালী দুৱৰা (ৰাধিকা) উপ-সভাপতি হেমন্ত গগৈ, উপদেষ্টা উমা শৰ্মা, অমৰ শৰ্মা, সহঃ সম্পাদকৰ দ্বিপেন গগৈ, আকাশ উপ-সমিতিৰ সভাপনেত্ৰী পদ্মিনী চেতিয়া, আহ্বায়ক টুটুমণি বৰুৱা, কুঁহি উপ-সমিতিৰ সভাপনেত্ৰী প্ৰীতি স্মৃতা গগৈ, আহ্বায়ক অৱন্তী ৰাজখোৱা,মনিকা গগৈয়ে পুৱাৰ পৰা আৰম্ভ কৰা সেৱাৰ কাৰ্যসূচী চলি অহা পৰম্পৰাগত পথা অনুসৰি আমাৰ শাখাই প্ৰথম বাৰৰ বাবে বয়োজেষ্ঠ সকলক ওলগনি পত্ৰ, চেলেং আৰু বিহুৱানেৰে সেৱা আগবঢ়ায়। ন-পুখুৰী বৃহত্তৰ অঞ্চলৰ সাহিত্য,শিক্ষা,সমাজৰ বিভিন্ন হিতকৰ কৰ্মৰ সেৱা আগবঢ়োৱা ব্যক্তিসকল ক্ৰমে -১ নং লাহন গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোলোক গগৈ,মৰাণ গাঁৱৰ ন-মাটি কাটনীপাৰ সত্ৰৰ ডেকা সত্ৰীয়া শিল্পী আনন্দ মহন্ত, সোণাপুৰ গাঁৱৰ কবি ভূৱন বৰগোঁহাই, আদপুৰীয়া গাঁৱৰ বিহুৱা ৰঙাই গগৈ,ফুটবলাৰ কৃষ্ণ গগৈ, ২ নং লাহন গাঁৱৰ বিহুৱটি সুন্দৰী গগৈ,ভকত,সমাজ সেৱক ধনবৰ বৰগোঁহাই,মৰাণ গাঁৱৰ বিখেশ্বৰ মৰাণ,১নং লাহন গাঁৱৰ প্ৰফুল্ল গগৈ, হৰিচণ গগৈক বিহুৰ ওলগ জনোৱাৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জনোৱা হয়। উল্লেখ্য সম্বৰ্ধিত শ্ৰদ্ধাৰ সমাজ হিতৈষী জেষ্ঠসকলে অসম সাহিত্য সভাৰ “নিজৰ দিন”এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে অসম সাহিত্য সভাক এনেধৰণৰ নতুন কৰ্ম আঁচনি হাতত ল’বলৈ আহ্বান জনায়।লগতে নৱগঠিত গেলেকী ন-পুখুৰী শাখা সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰে।