তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

Pc The Economic Times

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে  ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কোকৰাঝাৰ সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীৰ ৬ খন মনোনয়ন পত্ৰ, ধুবুৰী সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ এখন মনোনয়ন পত্ৰ, বৰপেটা সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ এখন মনোনয়ন পত্ৰ আৰু গুৱাহাটী সমষ্টিত ২ গৰাকী প্ৰাৰ্থীৰ ৩ খন মনোনয়ন পত্ৰ দাখিল কৰে। তৃতীয় পৰ্যায়ৰ ৪টা লোকসভা সমষ্টিৰ বাবে আজি সৰ্বমুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে ১১ খন মনোনয়ন পত্ৰ দাখিল কৰে।