তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৃথকে পৃথকে প্ৰযোজ্য হ’ব ড্ৰাই ডে’ 

তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৃথকে পৃথকে প্ৰযোজ্য হ’ব ড্ৰাই ডে’ 

ভোট গণনাৰ দিনাও ড্ৰাই ডে’

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন সমষ্টিসমূহত নিৰ্বাচনৰ পৰ্যায় অনুসৰি ভোটগ্ৰহণৰ দিনকেইটাত ভোটগ্ৰহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্ৰাই ডে ঘোষণা কৰিছে। এই অনুসৰি অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ ক্ষেত্ৰত ১৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে; ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিৰ ক্ষেত্ৰত ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে; ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ক্ষেত্ৰত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।  আনহাতে, ৪ জুন তাৰিখে ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সমগ্ৰ দিনটো ড্ৰাই ডে’ বাহাল থাকিব। কোনো সমষ্টিত পুণৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে পুনৰ নিৰ্বাচনৰ ক্ষেত্ৰতো ভোটগ্ৰহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব। ড্ৰাই ডে’ ঘোষণা হোৱা সময়খিনিত লোকসভা সমষ্টিত অন্তৰ্ভূক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্ৰব্য মজুতকৰণ, সুৰা বিক্ৰী, মাদক দ্ৰব্য বিতৰণ বা হোটলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্ৰতিষ্ঠানত এই ড্ৰাই ডে’ৰ সময়ছোৱাত মদ বিক্ৰী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব। তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৱকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীন ভাৱে মাদক দ্ৰব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। দেশত শান্তিপূৰ্ণ, মুক্ত আৰু সফল নিৰ্বাচন অনুষ্ঠিত কৰাতো নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।