বোন্দাত ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি * বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা * মুখপত্ৰ “জেতুকা” উন্মোচন

বোন্দাত ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি * বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা * মুখপত্ৰ “জেতুকা” উন্মোচন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ নাৰেংগীৰ সমীপৰ “বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ খেলপথাৰ” প্ৰাংগণত আজি বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত “৪০ সংখ্যক বোন্দা আঞ্চলিক ৰঙালী বিহু সন্মিলন”ৰ সফলতাৰে সামৰণি পৰে । ১৫এপ্ৰিলৰ পুৱা ৯ বজাত বিহু পতাকা উত্তোলনেৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিহু সন্মিলনৰ সভাপতি কুলেন চন্দ্ৰ নাথে । ইয়াৰ পিছতে স্মৃতি-তৰ্পণ কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰিপেন টাৰো, সম্পাদক জিতেন ৰাভা আদিয়ে । ১০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সমাজকৰ্মী পৰিমল চৌধুৰীয়ে । শোভাযাত্ৰাত বিহু নৃত্য, জেং বিহু, থিয় নাম, বড়ো, নেপালী, তিৱা, হাজং, কাৰ্বি আদি কৃষ্টি দলে অংশ লয় । ইয়াৰ পিছতে বৃহত্তৰ অঞ্চলটোৰ সৰবৰহী ব্যক্তি চাঞ্চিৰাম পায়েং, আনন্দ বড়ো, ইয়েম বাহাদুৰ চেত্ৰী, ভানাৰাম লালুং প্ৰমুখ্যে ভালেমান নাগৰিকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে । ১১-৩০ বজাত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাৰ অন্তত দিনৰ ১২ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্ধোধন কৰে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱাই । বিয়লি ২ বজাত চেমনীয়া চ’ৰা (৭বছৰ উৰ্ধৰ)উদ্ধোধন কৰে বিহু সম্ৰাজ্ঞী জোনটি ভৰালীয়ে । সন্ধ্যা ৬-৩০ বজাত বন্তি প্ৰজ্বলন কৰে বোন্দা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক পংকজ দাসে । এই মঞ্চতে কবি, শিক্ষক প্ৰশান্ত গগৈ সম্পাদিত বাৰ্ষিক মুখপত্ৰ “জেতুকা” উন্মোচন কৰে সমাজকৰ্মী দিলীপ চন্দ্ৰ কলিতাই । মিন্টু দাসে আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা জেতুকাৰ সভাপতি দীপক শৰ্মাইও বক্তব্য দাঙি ধৰে । ইয়াৰ পিছতে জনগোষ্ঠীয় কৃষ্টি দল আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । দিনৰ ১১ বজাত চেমনীয়া চ’ৰা, বিয়লি ৪বজাত মৌ কুঁৱৰী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধ্যা ৭ বজাত সাংস্কৃতিক মঞ্চ মুকলি অনুষ্ঠানত সমাজকৰ্মী অজয় পোদ্দাৰ, পিউজ গ্ৰুপৰ ৰূপক শৰ্মা, সাহিত্যিক চাঞ্চিৰাম পায়েং, সমাজকৰ্মী ফণীধৰ দাস, হৰিৰাম দাস আৰু অজিত কুমাৰ মালাকৰে অংশ লয় । নিশা ৮ বজাৰ পৰা বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠানত কৃষ্ণমণি চুতীয়া,নয়ন নিত্যম, কৃষ্টি কাশ্যপ প্ৰমুখ্যে ভালেমান শিল্পীয়ে অংশ লয় ।