ধৰ্মীয় মেৰুকৰণত বিজেপি চৰকাৰ ব্যৰ্থ

ধৰ্মীয় মেৰুকৰণত বিজেপি চৰকাৰ ব্যৰ্থ

ৰঙিলী বাৰ্ত্তাসেৱা- খিলঞ্জীয়া অসমীয়া মুছলমান উন্নয়ন পৰিষদ অসম, বাঘ হাজৰিকা অসম, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ অসম, আৰু উমৈহতীয়া মঞ্চ অসম চিভিল চোছাইতি সংগঠনে যৌথভাৱে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰে। উক্ত সংবাদ মেলত তেওঁলোকে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত তেওঁলোকৰ ভূমিকাৰ বিষয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে। তেওঁলোকে কয় যে নাগৰিকত্ব সংশোধনী আইন খন নিৰ্বাচনৰ আগমূহুৰ্তত ৰাজ্যত বলৱৎ কৰি পুনৰ অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ বিৰুদ্ধে সকলো খিলঞ্জীয়া জনগোষ্ঠী ক্ষুব্ধ হৈ পৰিছে। সংবিধানৰ মৌলিক চৰিত্ৰৰ পৰিবৰ্তন সাধিব বুলি তেওঁলোকে উদ্বেশ প্ৰকাশ কৰে। খিলঞ্জীয়া মুছলমানৰ জৰীপ কৰা হ’ব বুলিও ঘোষণা কৰি নিৰ্বাচনী আভুৱা ভাৰিলে। বিজেপি চৰকাৰৰ শাসন কালত এখন বাজেটটো খিলঞ্জীয়া মুছলমানৰ বাবে কোনো ধৰণৰ পুঁজি আবন্টন নকৰিলে। অবৈধ নাগৰিক, বাংলাদেশী আদি শব্দ ব্যবহাৰ কৰি জনসংখ্যা সম্পৰ্কে বিকৃত তথ্য প্ৰকাশ কৰি কেইজন মান মন্ত্ৰীয়ে অসমত তীব্ৰ মুছলমান বিদ্বেষ বিয়পোৱাত লাগিছে। তাৰোপৰি ৱাকফ আইন ১৯৯৫ খনো বিলোপ কৰিবলৈ মোদী চৰকাৰে ষড়যন্ত্ৰ চলাই আছে। আনকি ৰাজ্য সভাত সদস্যৰ জৰিয়তে ব্যক্তিগত বিল গ্ৰহণ কৰিছে। ৱাকফ বৰ্ডৰ Rule frame পৰ্য্যন্ত আজিলৈকে কৰা নহ’ল। তেওঁলোকে আৰু কয় যে, চৰকাৰে বিগত সময়ছোৱাত অসমত সাম্প্ৰদায়িকতাক চৰকাৰীভাৱে পৃষ্ঠপোষকতা কৰাৰ পিছতো অসমৰ সাধাৰণ মানুহ প্ৰৰোচিত হোৱা নাই। ধৰ্মীয় মেৰু কৰণত এই চৰকাৰ ব্যৰ্থ হৈছে।ইয়াৰ বাবে তেওঁলোকে অসমৰ জাতীয় সংগঠন আৰু সমূহ জনসাধাৰণক ধন্যবাদ জনাই। তেওঁলোকে ৰাজনৈতিক উচ্চাকাংখা পোষণ কৰা মুছলমান দৰদি দল আৰু নেতাৰ ব্যক্তিগত, সংকীৰ্ণ স্বাৰ্থ পূৰণৰ কামবোৰ লক্ষ্য কৰি আহিছে। অসমৰ সকলো স্তৰৰ মুছলমানে সংকীৰ্ণতা,অসহিষ্ণুতাৰ উৰ্ধত উঠি অসমৰ সচেতন, উদাৰ, গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল জনসাধাৰণৰ লগত ঐক্যভাৱে সংখ্যাগুৰু-সংখ্যালঘু সাম্প্ৰদায়িক আৰু মৌলবাদী কাৰ্য্যকলাপৰ বিৰুদ্ধে ৰাইজক ভোটদান কৰিবলৈ কয়।তেওঁলোকে পুনৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দলক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। উক্ত  সংবাদ মেলত খিলঞ্জীয়া অসমীয়া মুছলমান উন্নয়ন পৰিষদৰ সভাপতি ডঃ পইনুৰুদ্দিন আহমেদ, অসম চিভিল চছাইটিৰ কাৰ্যকৰী সভাপতি প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, বাঘ হাজৰিকা জাগৰণ মঞ্চৰ সম্পাদক জাৰিদ হুছেইনকে আদি কৰি কেইবাজনো লোক উপস্থিত থাকে।