ৰাজকন্যা বৰুৱাই জামিন পালে আৰক্ষীয়ে সমস্যাৰ সন্মুখীন হ’ব

pc The North-Eastern Chronicle

ৰাজকন্যা বৰুৱাই জামিন পালে আৰক্ষীয়ে সমস্যাৰ সন্মুখীন হ’ব

অনলাইন বাৰ্ত্তাসেৱা – ১ অক্টোবৰৰ নিশা সুৰাৰ ৰাগিত মাতাল সুন্দৰী ৰাজকন্যা বৰুৱাই গুৱাহাটীৰ জি এছ ৰোডত ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো জামিন লাভ কৰাক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনাৰ পুনৰ তদন্তৰ দাবী কৰে শ্ৰমিকসকলে। দিছপুৰ থানাত শ্ৰমিকসকলে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙে উপ-পৰিদৰ্শক আভাৰাণী গগৈ আৰু যান-বাহন শাখাৰ উপ-পৰিদৰ্শক ছাহিৰ আলীক তৎকালে বলৱৎ হোৱাকৈ ৰিজাৰ্ভ ক্ল’জ কৰে। শীৰ্ষ আৰক্ষী বিষয়াৰ শ্ৰুতলিপিত দিছপুৰ থানাৰ বিষয়া দুগৰাকীয়ে ৰাজকন্যাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ ২৭৯/২৯৪/৩৩৮/৩৫৩ ধাৰা আৰোপ কৰিছিল। সান্ধ্য আইন উলংঘাৰে হোটেল তাজ ভিভাণ্টাত বাৰ্থডে’ পাৰ্টী কৰি সুৰাৰ ৰাগিত মাতাল হৈ ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো ৰাজকন্যাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰহস্যজনকভাৱে সান্ধ্য আইন উলংঘা কৰাৰ কোনো ধাৰা আৰোপ কৰা নাছিল। দিছপুৰ থানাৰ এই দুগৰাকী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছতেই ৰাজকন্যা বৰুৱাৰ লগত শীৰ্ষ আৰক্ষী বিষয়াৰ সু-সম্পৰ্ক থকা বুলি সৰ্বত্ৰ চৰ্চা চলিছে। ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে সান্ধ্য আইন চলি থকাৰ পাছতো পঞ্চতাৰকা হোটেলত মাজনিশালৈকে কিদৰে পাৰ্টী চলিছিল, তাক লৈও আৰক্ষীয়ে কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰিলে। ইয়াৰ উপৰি দুৰ্ঘটনা সংঘটিত কৰি আৰক্ষীক কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে দুৰ্ব্যৱহাৰো কৰিছিল ৰাজকন্যাই। কেৱল এয়াই নহয়, নিজকে প্ৰভাৱশালী বুলি পৰিচয় দি হাতত ম’বাইলটো থকা হ’লে থানালৈ যাবলগীয়া নহ’লহেঁতেন বুলিও দাবী কৰিছিল। ৮জনকৈ শ্রমিকক মহটিয়াই নিয়াৰ পাছতো শীৰ্ষ আৰক্ষী বিষয়াৰ হস্তক্ষেপত ৰাজকন্যাই জামিন লাভ কৰা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষীয়ে ব্যৱস্থা ল’ব লাগিব। জামিন পালে আৰক্ষীয়ে সমস্যাৰ সন্মুখীন হ’ব। এদিন, দুদিন, তিনি দিন অপেক্ষা কৰক। জামিন পালেই কাহিনীটো শেষ হৈ নাযায়। উল্লেখযোগ্য যে যে নিজকে মডেল বুলি দাবী কৰা ৰাজকন্যাই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত কৰাৰ পাছত অনুশোচনাৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা বুলিহে দাবী কৰাৰ লগতে শ্রমিকসকলৰহে দোষ আছিল বুলি মন্তব্য কৰিছে।