ৰাখী বন্ধনৰ শুভেচ্ছা বাণী- ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Hindustan

ৰাখী বন্ধনৰ শুভেচ্ছা বাণী

ৰাখী বন্ধন হৈছে ভাতৃ – ভগ্নীৰ মাজত থকা এক হৃদয়ৰ সম্পর্ক। ৰাখীৰ এটা অতি বিশেষ অৰ্থ আছে; ই হৈছে ভাতৃ -ভগ্নীৰ মাজত থকা পবিত্র আত্মিক সম্পর্ক। সেইয়ে ৰাখী পিন্ধোৱা আৰু পিন্ধোতা দুয়োজনে ইয়াৰ অৰ্থ অনুভৱ কৰিব পাৰিলেহে ৰাখী বন্ধনৰ সাৰ্থকতা হয়। ৰাখী বন্ধন শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সুৰক্ষা আৰু বন্ধন। এই উৎসৱে ভাতৃ -ভগ্নীৰ ইজনে সিজনৰ প্রতি থকা মৰম, সুৰক্ষা, আনুগত্য, যত্ন আৰু দায়বদ্ধতাক সূচায়।ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন । বছৰ বাগৰিব আমাৰ সম্পর্ক বাঢ়িব।। দিন বোৰ বাগৰিব কিন্তু আমাৰ হৃদয়ত সদায় প্রেম থাকিব। মৰমৰ ভাতৃ সকললৈ এটি অনুৰোধ তুমি মোৰ জীৱনটো এটা উজ্জ্বল আৰম্ভণিৰ দৰে কৰিবা। তুমি এতিয়ালৈকে যিদৰে আছে সদায় মোৰ লগত থাকিবা। মোৰ মৰমৰ সকলো ভাতৃলৈ ৰাখী বন্ধনৰ শুভেচ্ছা।।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট