ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আজাদি কা অমৃত মহোৎসৱৰ সফল উদযাপন

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত আজাদি কা অমৃত মহোৎসৱৰ সফল উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক লৈ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক সুমন্ত ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকাই।উদ্বোধনী ভাষনত তেখেতে কয় যে বহু ত্যাগৰ বিনিময়ত আৰ্জিত স্বাধীনতাৰ মান আমাৰ আজিৰ প্ৰজন্মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিব লাগিব।“স্বাধীনতাৰ ৭৫বছৰঃ প্ৰত্যাশা আৰু প্ৰাপ্তি”-এই সম্পৰ্কত এক আকৰ্ষণীয় বক্তৃতা দাঙি ধৰে ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° জয়ন্ত বৰুৱাই।ড° বৰুৱাই বহু পৰিৱৰ্তন সাধন হ’লেও আমি এতিয়াও বহু দূৰ যাবলৈ বাকী আছে বুলি মন্তব্য কৰে।সামাজিক বৈষম্য আঁতৰাবৰ বাবে আমাৰ শিক্ষিত নৱপ্ৰজন্ম আগবাঢ়ি আহিব লাগিব বুলিও তেওঁ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।এই অনুষ্ঠানতে অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° খঞ্জন কুমাৰ দাসে ত্যাগবীৰ হেম বৰুৱাৰ অৱদানৰ ওপৰত আলোকপাত কৰে।এই অনুষ্ঠানৰ পিছতে মহাাবিদ্যালয়ৰ স্নাতক মহলাৰ নৱাগত ছাত্ৰ-ছাত্ৰী সকলৰ  বাবে তেওঁলোকৰ চি-বি-চি-এছ পাঠ্যক্ৰম সম্পৰ্কত এক আলোচনা অনুষ্ঠিত হয়।এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি গণিত বিভাগৰ মূৰব্বী অধ্যাপক ড° নৱ জ্যোতি হাজৰিকাই এই পাঠ্যক্ৰম সম্পৰ্কত বিশদ ব্যাখা আগবঢ়াই আৰু  ছাত্ৰ-ছাত্ৰী সকলৰ এই পাঠ্যক্ৰম সম্পৰ্কত থকা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।