ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ নতুন নিয়ম

Pc Hindustan Times

ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ নতুন নিয়ম

ৰঙিলী বাৰ্ত্তাসেৱা- ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ নতুন নিয়ম। নতুন নিৰ্দেশনা অনুসৰি, এতিয়া বছৰত কেৱল ১৫টা চিলিণ্ডাৰহে কিনিব পাৰিব গ্ৰাহকে। এবছৰত এজন গ্ৰাহকক ১৫টাৰ অধিক চিলিণ্ডাৰ দিয়া নহ’ব।ইয়াৰ বাহিৰেও, গ্ৰাহকসকলে এমাহত মাত্ৰ দুটা চিলিণ্ডাৰ ল’ব পাৰিব।দুটাতকৈ অধিক চিলিণ্ডাৰ নাপাব। বৰ্তমানলৈ চিলিণ্ডাৰ লাভ কৰাৰ মাহিলি অথবা বছৰেকীয়া কোনো কোটা নিৰ্ধাৰণ কৰা হোৱা নাছিল।মানি কণ্ট্ৰোলৰ বাতৰি অনুসৰি, নতুন নিয়ম অনুসৰি, এতিয়া এবছৰত ৰাজসাহায্যপ্ৰাপ্ত চিলিণ্ডাৰৰ সংখ্যা হ’ব ১২ টা।যদি আপুনি ইয়াতকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰে, তেন্তে ইয়াত ৰাজসাহায্য উপলব্ধ নহ’ব।বাকী চিলিণ্ডাৰবোৰ গ্ৰাহকসকলে ৰাজসাহায্য অবিহনে ক্ৰয় কৰিব লাগিব।যদি কোনো গ্ৰাহকে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ এবছৰত ১৫টাৰ অধিক লয়, তেন্তে তেওঁ ইয়াৰ বাবে তেল কোম্পানীৰ বিষয়াৰ অনুমতি ল’ব লাগিব।