ধুবুৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

Pc The Janambhumi

ধুবুৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  ধুবুৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা ৷ ধুবুৰীৰ মতিৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল এখন যন্ত্ৰচালিত নাওঁ ৷নাওঁখনত আছিল জিলা প্ৰশাসনৰ লোক৷ নাওঁ দুৰ্ঘটনাত নিখোঁজ ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। সন্ধানহীন আন কেইবাজনো যাত্ৰী। ভাসানীৰ চৰত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা। ২০ জনৰো অধিক যাত্ৰী আছিল নাওখনত। এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আৰক্ষী উদ্ধাৰ অভিযানত নামিছে ।জানিব পৰা মতে, ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে আমিনেৰ চৰ অঞ্চলত ফিল্ড ভেৰিফিকেচন কৰিবলৈ গৈছিল ।ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কাম চলি থকা আয়ৰনজংলাত সংঘটিত হয় দুৰ্ঘটনাটো।চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা দলটোত আছিল চক্ৰ বিষয়া সঞ্জু দাস, লাট মণ্ডল নমেজ উদ্দিন আৰু পিটাৰ নামৰ এগৰাকী সহকাৰী কৰ্মচাৰী। আমিনেৰ চৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় নাও দুৰ্ঘটনা।