ৰঙিয়াত হৰদত্ত-বীৰদত্ত ফুটবল প্রতিযোগিতা

pc- Britannica

 ৰঙিয়াত হৰদত্ত-বীৰদত্ত ফুটবল প্রতিযোগিতা

অনলাইন বাৰ্ত্তাসেৱা- ২৫ ছেপ্টেম্বৰৰ পৰা দুদিনীয়াকৈ ৰঙিয়াত হৰদত্ত-বীৰদত্ত ট্ৰফী আমন্ত্ৰণমূলক ফুটবল প্রতিযোগিতা অনুষ্ঠিত হ’ব।  হৰদত্ত-বীৰদত্ত ক্রীড়া সংঘৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা উক্ত প্রতিযোগিতাৰ বাবে প্ৰদীপ কাকতিক সভাপতি আৰু ৰঞ্জিত ডেকাক সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হৈছে। চাৰিটা দলৰ মাজত অনুষ্ঠিত হ’ব লগা উক্ত প্রতিযোগিতাত ৰঙিয়া টাউন ক্লাব, ঢোলকুছি ট্রাইবেল সংঘ, হাহাৰাৰ এছ এছ বি আৰু হাজো আৰবিকে দলে অংশগ্ৰহণ কৰিব। প্রথম দিনা দুখন ছেমিফাইনেল আৰু অন্তিম দিনা ফাইনেল খেল অনুষ্ঠিত হ’ব।