ৰক্ষকেই ভইক্ষক- দেৱাশীষ গোস্বামী

ৰক্ষকেই ভইক্ষক

বিগত কিছুদিনৰ প্ৰায় সকলো বোৰ T.V. চেনেল, খবৰ বাতৰি কাকতৰ Breaking News তথা শিৰোনামা দখল কৰি অহা এটা খবৰ হ’ল ঢেকীয়াজুলিৰ এটা দূৰ্ভগীয়া পৰিয়ালৰ বনকৰা কিশোৰী এগৰাকীৰ হত্যা। আৰতি তুৰ্কি নামৰ দূৰ্ভগীয়া কিশোৰী গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া ঘটনাটোৱে সৰ্বত্ৰ আলোড়নৰ সৃষ্টি কৰিছে , নিতৌ ন ন তথ্য উন্মোচিত হৈ থকা উক্ত ঘটনা টোৰ লগত জড়িত মূল ব্যক্তি কেইজনৰ পৰিচয়ে সকলোকে আচৰ্য্যকিত কৰাৰ লগতে শংকিত কৰি তুলিছে । ঘটনা টোৰ লগত জড়িত বিভিন্ন মহলৰ প্ৰকৃত ৰূপটো দেখি সকলোৰে মনত মাথো এটাই প্ৰশ্ন , মানব সমাজ কোন দিশে ? অন্তত : মানুহ হিচাপে জন্ম লৈ ইমান নিকৃষ্ট কৰ্ম তেওঁলোকে কেনেকৈ কৰিব পাৰিলে ? কেৱল কেইটামান পইচাৰ লোভে আমাৰ ৰক্ষক সকলেই যে ভক্ষকৰ ৰূপ ললে ভাবিলে স্তম্ভিত হৈ পৰো । মানবৰূপী দানৱবোৰৰ এনে নিকৃষ্ট কৰ্ম কাণ্ডই মানব সমাজক লজ্জানত কৰাৰ লগতে এক অতি ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। সময়োচিত তথা বলিষ্ঠ পদক্ষেপেহে আমাৰ সমাজখনক এক নিৰ্ভয়তা প্ৰদান কৰিব যিটো আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা দেৱৰ চৰকাৰখনে তৎপৰতাৰে গ্ৰহণ কৰিছে। এনেধৰণৰ প্ৰচেষ্টা সকলো ক্ষেত্ৰতে অন্তঃবৰণেৰে কামনা কৰিলো। কেৱল দৃষ্টান্তমূলক শাস্তিয়েহে সমাজৰ পৰা বিষাক্ত কীটবোৰ নোহোৱা কৰিব পাৰিব। তাৰোপৰি দেশৰ একো একোজন দায়িত্বশীল ব্যক্তি হিচাপে আমি সাধাৰণ জনসাধাৰণৰ এনে ধৰণৰ ঘটনা ৰোধৰ বাবে উমৈহতীয়া প্ৰচেষ্টা তথা সজাগতাৰ খুবেই প্ৰয়োজন।

দেৱাশীষ গোস্বামী, নগাঁও