৭,৯৬,৪৫৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

pc Indian Express

অসম বিধান সভা উপ নির্বাচন-২০২১

৭,৯৬,৪৫৬ গৰাকী ভোটাৰে সাব্যস্ত কৰিব গণতান্ত্রিক অধিকাৰ

দিছপুৰ ১৯ অক্টোবৰঃ অসম বিধান সভাৰ পাঁচটা সমষ্টি ক্ৰমে ২৮-গোসাইগাঁও, ৪১ ভৱানীপুৰ, ৫৮-তামুলপুৰ, ১০১-মৰিয়নী আৰু ১০৭-থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া সমাগত উপ নির্বাচনত ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ, ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ব্যক্তি। ইয়াৰ উপৰি ৩,১৬৫ গৰাকী ছাৰ্ভিছ ভোটাৰ আছে।

আনহাতে ভোট গ্রহণ হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত ২,১৭,৪৩২ গৰাকী ভোটদাতাৰে তামুলপুৰ সমষ্টিত আটাইতকৈ অধিক ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১ গৰাকী ভোটদাতা আছে।

চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱাবৰ্ষৰ ১৮ নৱেম্বৰপৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯ গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এই উপ নির্বাচনত ৮,৮৬৪ গৰাকী ৮০বছৰৰ ঊৰ্দ্ধৰ ভোটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

এই নিৰ্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েয়ে সংশ্লিষ্ট সকলোৰে প্ৰতি গোহাৰি জনাইছে।