৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ

৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ১৯সংখ্যক ৰোজগাৰ মেলা উপলক্ষে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকে প্রবেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লবে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। মোদীয়ে দৃঢ়তাৰে কয়- আগন্তুক বছৰবোৰত আপোনালোক সকলোরেই বিকশিত ভাৰতৰ দৃষ্টিভংগীবাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে গুৱাহাটীত আয়োজিত ৰোজগাৰ মেলা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হোৱা প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰে কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে। এই উপলক্ষে দিয়া ভাষণত সোণাৱালে নতুনকৈ নিযুক্তিপ্রাপ্তসকলক উদ্দেশ্যি কয়- নিযুক্তিৰ এই মাইলৰ খুঁটিত উপনীত হ’বলৈ প্ৰতিগৰাকী যোগ্য যুৱক-যুবতীয়ে দেখুওৱা নিষ্ঠা আৰু কঠোৰ প্ৰস্তুতিক মই সন্মান জনাইছোঁ। সততা, নিষ্ঠা, জনসেৱাৰ মানসিকতা আৰু দৃঢ় সংকল্পৰে নিজ নিজ কর্মক্ষেত্ৰত দায়িত্ব সুচাৰুৰূপে পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰশীল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ যাত্ৰাত সকলোবে অৰিহণা যোগাব লাগিব। নিযুক্তি-পত্ৰ বিতৰণৰ পাছতে সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় মন্ত্রী সোণোৱালে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতেই যুব সমাজে আজি মর্যাদাসহকাৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে এই নিয়োগ প্রদানৰ যি কাৰ্যব্যবস্থা ই প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ২০২২ বর্ষতে আৰম্ভ হৈছিল আৰু ধাৰাবাহিকভাবে ই অব্যাহত আছে। এতিয়ালৈকে প্রায় ১২ লাখ নিযুক্তি-পত্ৰ সন্মানসহকাৰে প্ৰদান কৰা হৈছে। এনে ব্যবস্থা পূর্বতে কেতিয়াও হোৱা নাছিল। এই অনুষ্ঠানৰ জৰিয়তে যোগ্য যুৱক-যুৱতীসকলক প্রদান কৰা নিযুক্তি-পত্ৰৰ জৰিয়তে দেশৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব তেওঁলোকক উপলব্ধি কৰোৱা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ যি পদক্ষেপ ল’লে, তাৰ জৰিয়তে সমগ্র দেশতে যুব সমাজে এক নতুন গতি লাভ কৰিছে। ২০৪৭ চনলৈকে ৪০ কোটি ভাৰতীয় ঐক্য আৰু নিষ্ঠাৰে পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে ভাৰত বিশ্বৰ শ্রেষ্ঠ দেশ হ’ব, আত্মনিৰ্ভৰশীল দেশ হ’ব। বিভিন্ন আঁচনি, পৰিকল্পনাৰ যোগেদি যুৱশক্তিক সংস্থাপিত কৰাৰ বাবে যি পদক্ষেপ লোৱা হ’ল তাৰ জৰিয়তে প্রত্যক্ষ আৰু পৰোক্ষভাবে লক্ষ লক্ষ যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে উক্ত অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি প্রমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।