ভাৰতৰ আন এক বৃহৎ সফলতা

Pc Jagran Josh

ভাৰতৰ আন এক বৃহৎ সফলতা

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিৰক্ষা ক্ষমতাক আৰু অধিক শক্তিশালী কৰি ভাৰতে চুটি দূৰত্বৰ বেলিষ্টিক মিছাইল ‘অগ্নি-১’ সফলতাৰে পৰীক্ষণ কৰে। শুকুৰবাৰে ওড়িশাৰ উপকূলত ষ্ট্ৰেটেজিক ফ’র্চেজ ক’মাণ্ডৰ তত্ত্বাৱধানত এই পৰীক্ষা সম্পন্ন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এই তথ্য প্রকাশ কৰা হৈছে। কোৱা হৈছে যে পৰীক্ষাৰ সমস্ত যোগ্যতা মান সফলভাৱে পাৰ কৰিছে ক্ষেপণাস্ত্রটোবে। প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা জানিব পৰা মতে, হ্রস্ব দূৰত্বৰ এই ক্ষেপণাস্ত্রই ৭০০ৰ পৰা ১,২০০ কিঃ মিঃ দূৰত্বৰ লক্ষ্য ভেদিব পাৰে। অত্যন্ত দ্রুতগতিত শত্রুপক্ষৰ লক্ষ্যবস্তুত আঘাত হনাৰ ক্ষেত্ৰত ইয়াৰ তুলনা নাই। তদুপৰি এই ক্ষেপণাস্ত্ৰৰ বিশেষ সুবিধা হ’ল যে ভ্রাম্যমাণ লাঞ্চাৰৰ পৰা ইয়াক উৎক্ষেপণ কৰিব পৰা যায়। যুদ্ধক্ষেত্ৰত দ্রুত প্রতিক্ৰিয়াৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে এই ক্ষেপণাস্ত্রটো। এই ক্ষেপণাস্ত্ৰৰ ওজন মাত্র ১,০০০ কিলোগ্রাম হোৱাত ই পাৰমাণৱিক ৱাৰ হেড বহন কৰিবলৈও সক্ষম। অৰ্থাৎ চকুৰ পচাৰতে এই ক্ষেপণাস্ত্ৰই শত্ৰুৰ বুকুত পাৰমাণৱিক আক্ৰমণ চলাব পাৰে। লগতে আৰু জানিব পৰা গৈছে যে অগ্নি-১ ক্ষেপণাস্ত্রত আছে অত্যাধুনিক নেভিগেচন ছিষ্টেম। যিয়ে নির্ভুল লক্ষ্যত আঘাত হানিব পাৰে। তদুপৰি এই ক্ষেপণাস্ত্ৰটো ছলিড প্ৰপেলেণ্টৰ দ্বাৰা চালিত হয়। ফলত ইয়াক দ্রুততাৰে উৎক্ষেপণ কৰা যায়। পথ আৰু ৰে’লপথেৰে সহজতে পৰিবহণযোগ্য হোৱাত যিকোনো ঠাইলৈ ইয়াক সহজে লৈ যাব পাৰি আৰু ই যিকোনো ঠাইৰ পৰা উৎক্ষেপণযোগ্য।  ইয়াৰ পূৰ্বে ২০২৬ চনৰ ৮ মে’ত ভাৰতে উন্নত অগ্নি ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰিছিল। এই পৰীক্ষা ওড়িশাৰ ডাঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা কৰা হৈছিল।