লাচিত কুমাৰ দাসৰ পৰা ৫ কোটি টকাৰ সম্পত্তি জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- উৎকোচ লৈ ৰঙাঘৰৰ আলহী হোৱা উচ্চপদস্থ চৰকাৰী বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত ওলাইয়ে আছে টকা ৷ গ্ৰেপ্তাৰৰ ৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো অন্ত পৰা নাই দুর্নীতিৰ সদাগৰ লাচিত কুমাৰ দাসৰ কু-কীৰ্তিৰ আখ্যান। ভুক্তভোগীৰ পৰা এনঅ’চি দিয়াৰ বাবদ ৪৫ হাজাৰ টকা লোৱাৰ সময়ত হাতে-লোটে নিৰীক্ষণ আৰু দুর্নীতি নিবাৰক সঞ্চালকালয়ে দাসক গ্ৰেপ্তাৰ কৰি চলোৱা তদন্তৰ পিছতে এফালৰ পৰা পোহৰলৈ আহিব ধৰিছে ধনকুবেৰ দাসৰ সকলো তথ্য। যোৱা ২১ মে’ত গ্ৰেপ্তাৰৰ পিছতে বিষয়াজনৰ বেলতলাৰ ৰাণীবাগানৰ কুইন গার্ডেন এপার্টমেন্টত থকা ফ্রেটত চলোৱা তালাচীত তদন্তকাৰী বিষয়াই শোৱনি কোঠাৰ আলমিৰাৰ পৰা জব্দ কৰিছিল ৪৮,৩৮,১৫০ টকা নগদ ধন। ইয়াৰ বাহিৰেও সেইদিনাই তদন্তকাৰী দলে ফ্লেটটোৰ পৰা জব্দ কৰিছিল ৯টা বিভিন্ন বেংকত থকা বিষয়া দাসৰ ৮০ লাখ টকাৰ ফিক্সড ডিপ’জিটৰ ৰচিদৰ লগতে ৪৮৩.৫৪ গ্রাম সোণৰ অলংকাৰ। বজাৰ মূল্য অনুসৰি জব্দকৃত সোণৰ অলংকাৰখিনিৰ আজিৰ তাৰিখত দাম হৈছে প্রায় ৮০ লাখ টকাৰো অধিক। ইয়াৰ বাদেও শুকুৰবাৰে নিশাৰ ভাগতো দুর্নীতি নিবাৰকে বেলতলা ৰাণীবাগানত থকা আন এটা ফ্লেটত চলোৱা অভিযানত এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা নগদ ধন জব্দ কৰে। তালাচীৰ সময়ত তদন্তকাৰী দলে বিষয়াজনৰ ৰুক্মিণীগাঁৱত থকা চৰকাৰী আৱাসৰ পৰা জব্দ কৰিছে এটা পইন্ট ২২ পিষ্টল। দুর্নীতি নিৰ্বাৰকৰ সূত্রই সদৰী কৰা মতে, পিষ্টলটোৰ অনুজ্ঞাপত্ৰ দাসৰ নামত আছে। দুর্নীতি নিবাৰকে সদৰী কৰা মতে, প্রায় পাঁচ কোটি টকাৰ অস্থাৱৰ সম্পত্তিৰ সম্ভেদ বৰ্তমানলৈকে লাভ কৰা হৈছে। ইয়াৰ বাদেও দুর্নীতিৰে নিশাটোৰ ভিতৰতে লাখ লাখ টকা উপাৰ্জন কৰা দুর্নীতিগ্রস্ত বিষয়া দাসে এবছৰ পূৰ্বে বেলতলাৰ ৰাণীবাগানৰ কুইন গার্ডেন এপার্টমেণ্টৰ সন্মুখত প্ৰায় চাৰি কোটি টকা ব্যয়সাপেক্ষে ক্ৰয় কৰিছে এডোখৰ ম্যাদীপট্টাৰ ভূমি। দুর্নীতি নিবাৰকৰ তথ্য মতে, বর্তমানলৈকে বিষয়াজনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নথি অনুসৰি ৰহাত এক বিঘা, হোজাইত চাৰি কঠা ১১ লেচা, বেলতলাৰ দুই স্থানত ক্রমে এক কঠা ১.৬৭ লেচা, এক কঠা ১০ লেচা ভূমিৰ লগতে বিষয়াজনৰ নামত বেলতলাৰ ৰাণীবাগানত আছে দুটাকৈ বিলাসী ফ্লেট। সূত্রটোৱে সদৰী কৰা মতে, হোজাইত এডিচিৰূপে কার্যনির্বাহ কৰি থকাৰ সময়তে মাটি বিক্ৰীৰ নামত বহু টকাৰ দুর্নীতি কৰিছিল লাচিত কুমাৰ দাসে। পৰৱৰ্তী সময়ত হোজাইৰ পৰা লখিমপুৰলৈ জিলা আযুক্তৰূপে পদোন্নতি লাভ কৰি বদলি হৈছিল লাচিত কুমাৰ দাস। লখিমপুৰতো জিলা আয়ুক্তৰূপে অধিষ্ঠিত হোৱাৰ দিনাৰে পৰা কেৱল টকাৰ পিছতে দৌৰিছিল দাসে। যিকোনো ফাইল সেয়া লাগিলে ভূমি সম্পর্কীয়ই হওক বা আন ঠিকা-ঠুকলি সন্দর্ভতেই হওক, কোনোরে লাচিত কু মাৰ দাসক ধন নিদিয়াকৈ মুকলি কৰিব পৰা নাছিল। লখিমপুৰত চৰকাৰে চলোৱা উচ্ছেদৰ সময়তো বহু সন্দেহজনক পৰিয়ালক ধনৰ বিনিময়ত নিজৰ ভূমিত উচ্ছেদৰ পৰা ৰক্ষা পৰাৰ ব্যৱস্থা কৰি দিছিল দাসে। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত বহু লোকে চৰকাৰক অভিযোগ দিয়াৰ পিছত দাসক মহানগৰীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়লৈ অতিৰিক্ত ভূমিলেখ্য অধিকর্তা বা সঞ্চালক ৰূপত বদলি কৰা হয়। ইয়ালৈ বদলি হৈ অহাৰ পিছতো বিষয়াজনক অতিৰিক্তভাৱে ( দুর্যোগ ব্যৱস্থাপনা আৰু ৰাজহ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব চৰকাৰৰ পৰা প্ৰদান কৰা হয়। ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ আয়ুক্ত সচিবে ই ৪৩৫০৩৫/২০২৪ নির্দেশযোগে বিষয়া দাসৰ ওপৰত এক গুৰু দায়িত্ব অর্পণ কৰিছিল। নির্দেশটোত কোৱা হৈছিল যে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগৰ অতিৰিক্ত সচিব লাচিত কুমাৰ দাসক আন্তঃধর্ম ভূমি ক্রয়-বিক্ৰীৰ এনঅ’চি বিষয়ক কথাবোৰ চোৱাচিতা কৰিবলৈ ন’ডেল বিষয়া হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। এই নিয়ম অনুসৰি যদিহে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক ভূমি বিক্রী অথবা ক্রয় কৰে তেন্তে চৰকাৰৰ ফালৰ পৰা ক্রয় বা বিক্ৰী কৰাৰ পূৰ্বে এখন আপত্তিবিহীন প্রমাণ-পত্র অর্থাৎ এনঅ’চিৰ প্ৰয়োজন হয়। সেইখন লাভ কৰাৰ পিছতহে নির্দিষ্ট ভূমিখিনি বিক্রী অথবা ক্ৰয় কৰিব পাৰে। শ্ৰেণী বিভাজনৰ নামত প্ৰদান কৰিবলগীয়া এনঅ’চিৰ বাবদ একোজন লোকৰ পৰা উৎকোচ হিচাপে ৮০ হাজাৰৰ পৰা কেইবালাখ টকা সংগ্ৰহ কৰিছিল বিষয়াজনে। যি লোকে ধন আদায় দিয়া নাছিল তেওঁলোকৰ ফাইলবোৰ চহী নকৰাকৈ দীর্ঘদিন ধৰি পেলাই থৈছিল বিষয়াজনে। এনেদৰেই চৰকাৰী এই ব্যৱস্থাকো সংগ্ৰহৰ আহিলাৰূপে লৈ অতি কম দিনৰ ভিতৰতে কোটি কোটি টকা উপাৰ্জন কৰিছিল বিষয়াজনে। তাৎপর্যপূর্ণভাবে বিষয়াজনৰ জালিয়াতি পোহৰলৈ অহাৰ পিছত এফালৰ পৰা সকলো লোকেই এতিয়া মুখ খুলিবলৈ আৰম্ভ কৰিছে। বিষয়া দাসৰ ঘৰত বনকৰা মহিলাৰূপে কাম কৰা জনৈক ৰয় উপাধিৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, প্রায় চাৰি-পাঁচ বছৰ পূৰ্বে বিষয়াজনে নিজৰ ফ্লেটৰ ভিতৰতে এটা সৰু কোঠালি নিৰ্মাণ কৰি লৈছিল। উক্ত কোঠালিটোত আন সামগ্ৰীৰ সলনি আছিল মাথোঁ লাখ লাখ টকাৰ বাণ্ডিল। বৰ্তমানলৈকে বিষয়াজনৰ প্ৰায় ৫ কোটি টকাৰ অস্থাৱৰ সম্পত্তিৰ সম্ভেদ দুর্নীতি নিবাৰকে লাভ কৰিবলৈ সক্ষম হৈছে। আন বহু নথি-পত্ৰও বিষয়াজনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে। উক্ত নথি-পত্রসমূহো বৰ্তমানে পৰীক্ষা কৰি থকা হৈছে। এই পৰিমাণ পূৰ্বতকৈ হয়তো বঢ়াৰ সম্ভাৱনা আছে বুলি দুর্নীতি নিবাৰকৰ সূত্ৰটোৱে সদৰী কৰিছে। লাভকৰা নথি-পত্ৰসমূহৰ ভিত্তিত দুর্নীতি নিবাৰকে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। আদালতে বিষয়া লাচিত কুমাৰ দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। প্রয়োজনত দুর্নীতি নিবাৰকে কাৰাগাৰৰ ভিতৰতো জেৰা চলোৱাৰ সম্ভাৱনা আছে।
