এভাৰেষ্টৰ শিখৰত অসম কন্যা
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে লখিমপুৰৰ পর্বতাৰোহী ৰূপামণি গড়ে। বৃহস্পতিবাৰে পুৱা ৰূপামণি সফলতাৰে বিশ্বৰ সৰ্বোচ্চ শিখৰত উপনীত হয়। এভাৰেষ্টৰ শীৰ্ষত ত্ৰিৰংগা আৰু অসমৰ পতাকা উত্তোলন কৰি ৰাজ্যখনৰ বাবে এক গৌৰৱৰ মুহূৰ্ত উদযাপন কৰে। লখিমপুৰৰ জীয়ৰী ৰূপামণি গড়ে প্রথম অসমীয়া মহিলা হিচাপে মাউন্ট এভাৰেষ্টত আৰোহণ কৰি নজিৰ গঢ়িবলৈ সক্ষম হৈছে। আইটিবিপিৰ ১১ মহিলা পৰ্বতাৰোহণকাৰীৰ উপৰি দলটোত তিনিজন কাৰিকৰী আৰু সহায়কসহ মুঠ ১৪গৰাকী সদস্য আছিল। দলটোৱে নেপালৰ দিশৰ পৰা ‘ছাউথ কোল’ পথেৰে বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ ৮,৮৪৮ মিটাৰৰ শৃংগটো যোৱা ২১ মে’ত জয় কৰিবলৈ সক্ষম হয়। সেইদিনা পুৱা ৬.৫২ বজাত দলৰ প্ৰথম সদস্যগৰাকীয়ে সফলভাৱে শিখৰত আৰোহণ কৰা বিষয়টো নথিবদ্ধ হৈছে। প্রথম অসমীয়া মহিলা হিচাপে ৰূপামণি গড়ে মাউন্ট এভাৰেষ্টত পদার্পণ কৰাটো স্বাভাৱিকতে বিবেচিত হৈছে এক মাইলষ্ট’ন ৰূপে।

অসমৰেই ভণিতা তিমুংপিয়ে দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে ক্লাইম্বিং লীডাৰৰ দায়িত্বত আছিল অনুপ কুমাৰ। সেইদৰে কাৰিকৰী-সহায়ক দলক নেতৃত্ব দিয়ে আইএফএমজিএৰ প্রখ্যাত গাইড সোণম চিৰিং লামাই। আইটিবিপিৰ প্ৰথম সম্পূৰ্ণ নাৰী সদস্যবিশিষ্ট আন্তর্জাতিক মাউন্ট এভাৰেষ্ট অভিযানে কেইবাটাও দিশৰ পৰা তাৎপর্য বহন কৰিছে। কিয়নো পৰ্বতাৰোহণ ক্ষেত্ৰত নাৰীৰ সক্ষমতা, দৃঢ় সংকল্প আৰু অদম্য সাহসিকতাৰ ই হৈছে এক দৃষ্টান্ত। ইয়াক বিশ্বৰ সৰ্বোচ্চ শৃংগত ভাৰতৰ ‘নাৰীশক্তি’ৰ জয়গান ৰূপেও অভিহিত কৰা হৈছে। মূলতঃ ‘নাৰীশক্তি’ক উদযাপন তথা উচ্চ-উচ্চতাৰ দুঃসাহসিক ক্রীড়াত মহিলাৰ উপস্থিতি তুলি ধৰাৰ লক্ষ্যৰে আইটিবিপিয়ে আয়োজন কৰিছে এই অভিযানৰ। উল্লেখ্য যে মাহৰ পিছত মাহ ধৰি কঠোৰ প্রশিক্ষণ আৰু প্ৰস্তুতিৰ অন্তত যোৱা ১৯ এপ্ৰিলত নতুন দিল্লীস্থিত আইটিবিপিৰ মুখ্য কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে এই অভিযানৰ সূচনা কৰা হৈছিল। ৮ হাজাৰ মিটাৰ উচ্চতাৰ ‘ডেথ জ’ন’ত অত্যন্ত প্রতিকূল পৰিৱেশ, অক্সিজেনৰ স্বল্পতা আৰু কঠিন বৰফৰ স্তৰ অতিক্ৰম কৰাৰ সময়ত আইটিবিপিৰ মহিলা পৰ্বতাৰোহণকাৰীসকলে সাহস, সহনশীলতা আৰু দলগত দক্ষতাৰ পৰিচয় দিয়ে। আইটিবিপিৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি এই অভিযানটো নাৰীৰ সক্ষমতা, দুঃসাহসিক নেতৃত্ব আৰু উচ্চ কাৰ্যক্ৰম পৰিচালনাৰ ক্ষেত্ৰত শ্রেষ্ঠত্বৰ প্ৰতীক। আইটিবিপিয়ে বর্তমানপর্যন্ত ৫বাৰ মাউন্ট এভাৰেষ্টত সফল আৰোহণ কৰাৰ লগতে মুঠ ২৩২টা পর্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে। এই বাহিনীটোৱে বিশ্বৰ ১৪টা ৮ হাজাৰ মিটাৰ উচ্চতাৰ শৃংগৰ ভিতৰত ৬টাই আৰোহণ কৰিবলৈ সক্ষম হয়। সেইকেইটা হ’ল- মাউন্ট এভাৰেষ্ট, মাউন্ট কাঞ্চনজংঘা, মাউন্ট মাকালু, মাউন্ট লোৎচে, মাউন্ট ধৌলগিৰি আৰু মাউন্ট মানাচলু।
![]()
ইফালে প্রথম অসমীয়া মহিলা হিচাপে এভাৰেষ্ট আৰোহণ কৰা ৰূপামণি গড় আৰু অভিযানটোক নেতৃত্ব দিয়া ভণিতা তিমুংপিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে এই সন্দর্ভত তেওঁ লিখিছে এইদৰে- লক্ষ্য আৰু কৰ্মৰ সুদৃঢ়তা বুজাবলৈ প্ৰায়েই কওঁস আমাৰ লক্ষ্যৰ বাটত হিমালয় বা এভাৰেষ্ট আহিলেও তাকো অতিক্ৰম কৰি আগুৱাই যাম৷ আজিৰ অসমৰ নাৰীয়ে হিমালয়েই নহয় পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত আৰোহণ কৰিব পৰাকৈ বিশ্বত এক নজিৰ সৃষ্টি কৰিলে৷ লখিমপুৰৰ জীয়াৰী ৰূপামণি গড়৷ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি অসমৰ লগতে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে। এই ঐতিহাসিক সফলতা অর্জন কৰা ৰূপামণি অসমৰ প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰো কৃতিত্বৰে মহীয়ান হৈছে৷ তদুপৰি অসমৰ ভনীতা টিমুংপীয়ে ITBP-ৰ এভাৰেষ্ট অভিযানৰ নেতৃত্ব দিয়াত অসমৰ বাবে এয়াও এক গৌৰৱৰ বিষয়। ৰূপামণি আৰু ভনীতা বাইদেউলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।তেখেতসকলৰ এই সাফল্য অসমৰ নতুন প্ৰজন্মৰ বাবে হৈ ৰ’ব প্ৰেৰণা অম্লান উৎস।
