৩১ ডিচেম্বৰৰ দৰে উৰুকাৰ দিনাও সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ অভিযান চলিব

Pc India Today

৩১ ডিচেম্বৰৰ দৰে উৰুকাৰ দিনাও সুৰাপান কৰি যান বাহন চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ অভিযান চলিব

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে  ৩১ ডিচেম্বৰ আৰু ১জানুৱাৰীত চৰকাৰে গ্ৰহণ কৰা তেনেধৰণৰ কঠোৰ পদক্ষেপৰ বাবে এইবাৰ কোনো দুৰ্ঘটনা ৰাজ্যখনত সংঘটিত হোৱা নাই। যি দুই- এটা দুৰ্ঘটনা সংঘটিত হৈছে সেয়া সুৰা পানৰ বাবে সংঘটিত হোৱা নাই। সুৰাপান কৰি যান-বাহন চলোৱাৰ বাবে এইবাৰ এটাও দুৰ্ঘটনা সংঘটিত হোৱা নাই। অহা উৰুকাৰ দিনটোতো সুৰাপান কৰি যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ অভিযান চলাব। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘ড্ৰিংক এণ্ড ড্রাইভ’ কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা অকুণ্ঠ সমর্থনৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই অসমবাসীক ধন্যবাদ জনাই এই অভিযান বছৰজুৰি চলি থাকিব বুলি কয়। অৱশ্যে সুৰা সেৱনৰ ক্ষেত্ৰত চৰকাৰৰ কোনো আপত্তি নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে যিহেতু মদৰ দোকান খুলিবলৈ দিছে, সেয়ে মদ খাবই। তাত চৰকাৰে বাধা দিয়াৰ নৈতিক অধিকাৰ নাই। কিন্তু সুৰাপান কৰি কোনেও যান-বাহন চলাব নোৱাৰে। লাহে লাহে সকলোৱে যাতে সুৰা কমকৈ সেৱন কৰে, তাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই কয়।