২৪ জুনত টয়কাথন-২০২১ ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

pc Mangalorean

অনলাইন বাৰ্ত্তাসৱা (PIB Guwahati) – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টয়কাথন-২০২১ ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব। ২০২১ ৰ ৫ জানুৱাৰীত শিক্ষা মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ (WCD) মন্ত্ৰালয়, এমএছএমই মন্ত্ৰালয়, ডিপিআইআইটি, বস্ত্ৰ মন্ত্ৰালয়, তথ্য ও সম্প্ৰচাৰ মন্ত্ৰালয় আৰু এআইচিটিই এ যুটীয়াভাৱে উদ্ভাৱনী খেলনা আৰু খেলৰ ধাৰণাসমূহৰ অৰ্থে টয়কাথন-২০২১ ৰ শুভাৰম্ভ কৰিছিল। সমগ্ৰ ভাৰতৰ প্ৰায় ১.২ লাখ অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছিল আৰু টয়কাথন-২০২১ ৰ অৰ্থে ১৭০০০ ৰোধিক ধাৰণা আগবঢ়াইছিল, ইয়াৰ ভিতৰত ২২ জুনৰপৰা ২৪ জুনলৈ অনুষ্ঠিত হোৱা ১৫৬৭ টা ধাৰণাক তিনি দিনীয়া অনলাইন টয়কাথন গ্ৰেণ্ড ফিনালেৰ অৰ্থে সংক্ষিপ্ত তালিকাভুক্ত কৰা যায়। ক’ভিড-১৯ ৰ বাধ্যবাধকতাসমূহৰ বাবে, এই গ্ৰেণ্ড ফিনালেত ডিজিটেল টয় আইডিয়াৰ বাবে টীম থাকিব, ইয়াৰ বিপৰীতে নন-ডিজিটেল টয় ধাৰণাৰ বাবে পৃথক বাস্তৱিক কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব। ভাৰতৰ ঘৰুৱা বজাৰ তথা বৈশ্বিক খেলনা বজাৰখনে আমাৰ মেনুফেক্সাৰিং খণ্ডটোলৈ বৃহৎ সুযোগ আগবঢ়াইছে। টয়কাথন-২০২১ ৰ লক্ষ্য হৈছে খেলনা বজাৰখনৰ বিস্তৃত শ্বেয়াৰ অধিগ্ৰহণৰ অৰ্থে ভাৰতৰ খেলনা উদ্যোগটোক উদ্দীপনা যোগোৱা। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়েও ভাগ ল’ব।