২৪ ঘণ্টাতে ভাৰতত আৰোগ্য হ’ল ১.০৭ লাখ লোক

pc WHO

অনলাইন বাৰ্ত্তাসেৱা – যথেষ্ঠখিনি হ্ৰাস হোৱা দেখা গৈছে ভাৰতত কৰ’নাৰ সংক্ৰমণ। দেশত ৬২,১৭৬জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে। মঙলবাৰৰ দিনটোত দেশত ১ লাখ ৭ হেজাৰ ৭১০জন লোক সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে আৰু ২,৫৩৯জন লোকৰ মহামাৰীত মৃত্যু হয়। এনেদৰে দেশত চিকিৎসাধীন কৰ’না ৰোগীৰ সংখ্যা ৪৮,০১০জন হ্রাস হয়। পহিলা জুনত ভাৰতত ১৮ লাখ ৯০ হেজাৰ ১৪৯জন সংক্ৰমিতৰ চিকিৎসা চলি আছিল। বিগত ১৫ দিনত চিকিৎসাধীন কৰ’না ৰোগীৰ সংখ্যা ১০ লাখ ৩০ হেজাৰ ৫৮৭জন হ্রাস পাইছে। হিচাপ অনুসৰি সম্প্ৰতি ৮ লাখ ৬০ হেজাৰ ৩৬২জন লোক চিকিৎসাধীন অৱস্থাত আছে।