২০২২-২৩ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ২৫,০০০ কিলোমিটাৰ সম্প্ৰসাৰিত কৰা হ’ব

Pc.- India Tv news

২০২২-২৩ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ২৫,০০০ কিলোমিটাৰ সম্প্ৰসাৰিত কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে কয় যে ২০২২-২৩ বছৰত ৰাষ্ট্ৰীয় ঘাইপথসমূহ ২৫,০০০ কিলোমিটাৰ সম্প্ৰসাৰিত কৰা হ’ব আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব (পি) মোডত ৰ’পৱে উন্নয়ন পৰিকল্পনা গ্ৰহণ কৰা হ’ব। বিত্ত মন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে ২০২২-২৩ বৰ্ষত পথ পৰিবহণৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেন চূড়ান্ত কৰা হ’ব।”প্ৰধানমন্ত্ৰী গতি শক্তি মাষ্টাৰ প্লেন ২০২২-২৩ চনত প্ৰস্তুত কৰা হ’ব, যাতে মানুহ আৰু সামগ্ৰীৰ দ্ৰুত চলাচল সহজ হয়। ২০২২-২৩ চনত ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক ২৫,০০০ কিলোমিটাৰ সম্প্ৰসাৰিত কৰা হ’ব। ৰাজহুৱা সম্পদৰ পৰিপূৰক হিচাপে ২০,০০০ কোটি টকা সংগ্ৰহ কৰিব লাগিব,” বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়।