২০১৮-২০২০ বৰ্ষৰ ভিতৰত ইউএপিএৰ অধীনত ৪,৬৯০ জনক গ্ৰেপ্তাৰ, ১৪৯ জন দোষী সাব্যস্ত: চৰকাৰ

Pc ThePrint

২০১৮-২০২০ বৰ্ষৰ ভিতৰত ইউএপিএৰ অধীনত ৪,৬৯০ জনক গ্ৰেপ্তাৰ, ১৪৯ জন দোষী সাব্যস্ত: চৰকাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে  ৰাজ্যসভাত জনায় যে ২০১৮ ৰ পৰা ২০২০ চনৰ ভিতৰত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত ভাৰতৰ বিভিন্ন প্ৰান্তত ৪,৬৯০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। “৪,৬৯০ জন গ্ৰেপ্তাৰহোৱাৰ ভিতৰত ১৪৯ জনক দোষী সাব্যস্ত কৰা হৈছিল,” ৰায়ে লগতে কয়। ২০১৮ চনত প্ৰায় ১,৪২১ জন, ২০১৯ চনত ১,৯৪৮ জন আৰু ২০২০ চনত ১,৩২১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।