২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত দিল্লীৰ আদালতে চমন কৰিলে জেকলিন ফাৰ্নাণ্ডেজক

Pc Hindustan Times
২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত দিল্লীৰ আদালতে চমন কৰিলে জেকলিন ফাৰ্নাণ্ডেজক
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ পাটিয়ালা হাউচ আদালতে চমন জাৰি কৰি অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক ২৬ ছেপ্টেম্বৰত আদালতত হাজিৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে আদালতে ইডিক চাৰ্জশ্বীটৰ কপি জেকলিনৰ অধিবক্তাক গতাই দিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে প্ৰবৰ্তন সঞ্চালকালয়ে সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে দুখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে। এই গোচৰত সুকেশ চন্দ্ৰশেখৰকে ধৰি সকলো অভিযুক্তই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পাটিয়ালা হাউছ আদালতত হাজিৰ হৈছিল। একে সময়তে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে এখন ছবিৰ শ্বুটিঙৰ বাবে পোলেণ্ডলৈ যাবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছিল, যিটো আদালতে নাকচ কৰিছে। ইয়াৰ পূৰ্বে ইডিয়ে জেকলিন ফাৰ্নাণ্ডেজৰ ৭ কোটি ২৭ লাখ টকাৰ সম্পত্তি সংলগ্ন কৰিছিল, যাৰ ফলত তেওঁ এই গোটেই গোচৰটোত অভিযুক্ত হৈ পৰিছিল।