হৰমিত সিং গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত

PC_CNBCTV18

হৰমিত সিং গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত, হীৰেন নাথক অতিৰিক্ত ‘নিৰাপত্তা’ৰ দায়িত্ব

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্য চৰকাৰে পূৰ্বৰ আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তাক বদলি কৰি আই পি এছ বিষয়া হৰমিত সিঙক গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰূপে নিযুক্তি দিয়ে। ৰাজ্য চৰকাৰে এক নিদেৰ্শযোগে সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰূপে কাৰ্যনিবাহ কৰি থকা হৰমিত সিঙক গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰূপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে। উল্লেখ্য যে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হৰমিত সিঙে পূৰ্বে এডিজিপি ব’ৰ্ডাৰৰ অতিৰিক্ত এডিজিপি [প্ৰশাসন, সুৰক্ষা আৰু এম এণ্ড এল] ৰূপেও কাৰ্যনিবাহ কৰিছিল। ৰাজ্য চৰকাৰে দিয়া নতুন নিৰ্দেশনা অনুসৰি হৰমিত সিঙক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তৰূপে নিযুক্তি দিয়াৰ উপৰি অতিৰিক্তভাৱে সীমান্ত শাখাৰ এডিজিপি হিচাপেও কাৰ্যনিবাহ কৰি থকাৰ দায়িত্ব দিয়া হৈছে। অৱশ্যে প্ৰশাসন আৰু সুৰক্ষা আদি বিভাগৰ এডিজিপি পদৰ অতিৰিক্ত দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিয়া হৈছে।BY RICHA