হোটেল বিলাসৰ ঘটনাৰ তদন্তৰ বাবে এছআইটি গঠন
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গুৱাহাটীৰ বৰা ছার্ভিচৰ লাচিত নগৰস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ পুংখানুপুংখ তদন্তৰ বাবে গঠন কৰা হৈছে ছজনীয়া বিশেষ তদন্তকাৰী দল (এছ আই টি)। গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতিত এই কথা সদৰী কৰা হৈছে। ঘটনাটোৰ সৈতে জড়িত সকলো তথ্য, পৰিস্থিতি আৰু প্ৰাসংগিক দিশ সামৰি তদন্ত আগবঢ়োৱাৰ লক্ষ্যৰে আৰক্ষীৰ বিভিন্ন পর্যায়ৰ বিষয়াক লৈ এই বিশেষ দলটো গঠন কৰা হৈছে। আৰক্ষীৰ বিবৃতি অনুসৰি, এছ আই টিৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটীৰ যুটীয়া আৰক্ষী আযুক্ত অংকুৰ জৈন, আই পি এছক। দলটোৰ আন সদস্যসকল হৈছে গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (মধ্য) শাশ্বতী মিশ্র, আই পি এছ, উপ-আৰক্ষী আযুক্ত (অপৰাধ) ড° দেৱজিৎ নাথ, এ পি এছ, অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (মধ্য) ভিকু আচুমি, আইপিএছ, পল্টন বজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলজ্যোতি ভূঞা আৰু একেখন থানাৰ উপ-পৰিদৰ্শক অবিনাশ দাস। আৰক্ষী আয়ুভালয়ে প্রকাশ কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি, বিশেষ তদন্তকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা লাভ কৰা ফৰেনছিক তথা বৈজ্ঞানিক সাক্ষ্য-প্রমাণ পৰীক্ষা কৰাৰ লগতে প্রত্যক্ষদর্শী আৰু অন্যান্য সাক্ষীৰ বক্তব্য সংগ্ৰহ কৰিব। গুলীচালনাৰ পূর্বে সৃষ্টি হোৱা পৰিস্থিতি, ঘটনাৰ ক্ৰম আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক বিষয়সমূহো তদন্তৰ আওতালৈ অনা হ’ব। তদুপৰি, গুলীচালনাৰ পূৰ্বে ঘটনাস্থলীত সৃষ্টি হোৱা পৰিৱেশ-পৰিস্থিতি আৰু ঘটনাটোৰ সৈতে সম্পর্ক থকা সকলো প্রাসংগিক দিশৰ বিস্তৃত অনুসন্ধান চলোৱা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে। তদন্তৰ জৰিয়তে ঘটনাটোৰ সম্পূৰ্ণ ক্রম উন্মোচন কৰাৰ লগতে ইয়াৰ সৈতে জড়িত সকলো তথ্য আৰু পৰিস্থিতি পোহৰলৈ অনাৰ প্রচেষ্টা চলোৱা হ’ব। গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ বিবৃতিত স্পষ্ট কৰা হৈছে যে ঘটনাটোৰ সম্পূৰ্ণ ক্ৰম আৰু ইয়াৰ সৈতে জড়িত সকলো পৰিস্থিতি তথা তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে। এছআইটিয়ে সংগ্ৰহ কৰিবলগীয়া সাক্ষ্য-প্রমাণ, সাক্ষীৰ বক্তব্য আৰু অন্যান্য তথ্যৰ ভিত্তিত পৰৱৰ্তী তদন্ত আগবঢ়োৱা হ’ব।
