পূৰ্বৰে পৰা বহু দুষ্কাৰ্যত জড়িত বিলাস কাণ্ডৰ খলনায়ক ঘনকান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ লাচিত নগৰস্থিত বিলাস ইন নামৰ হোটেলখনত হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীসহ ৫জনকৈ লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰা ঘাতক ঘনকান্ত গগৈৰ কুকীৰ্তি ফাদিল। নাহৰকটীয়াৰ জয়পুৰৰ লেবাংকুলাৰ বসিন্দা ঘনকান্তই অসমৰ বিভিন্ন প্রান্তত জালিয়াতি, প্ৰৱঞ্চনা, ডাবি-ধমকিৰে ধন সংগ্ৰহ কৰাৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনাত লিপ্ত থকাৰ তথ্য পোহৰলৈ আহিছে। ঘনকান্তৰ বিৰুদ্ধে নাহৰকটীয়াৰ জয়পুৰ থানা, অৰুণাচলৰ দেউমালী খুনচা থানা, যোৰহাটৰ পুলিবৰ থানা আদিকে ধৰি ৰাজ্যৰ বিভিন্ন থানাত ঠগ-প্ৰৱঞ্চনা, ডাবি-ধমকিৰ গোচৰ ৰুজু হৈ থকাৰ বিপৰীতে গুৱাহাটীতো ঘনকান্তই বহু লোকক প্ৰৱঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে। ঘনকান্তৰ বিৰুদ্ধে গুৱাহাটীত বিভিন্ন অনৈতিক কার্যকলাপৰ ব্যৱসায়ত জড়িত থকাৰ তথ্যও পোহৰলৈ আহিছে। জালিয়াতি, প্ৰৱঞ্চনাৰে বিলাসী জীৱন কটোৱা ঘনকান্তই পৈতৃক বাসগৃহৰ পৰিৱৰ্তে বিভিন্ন বিত্তীয় প্রতিষ্ঠান, বেংকৰ পৰা ঋণ লোৱাৰ ক্ষেত্ৰত পৃথক ঠিকনা ব্যৱহাৰ কৰাৰো তথ্য পোহৰলৈ আহিছে। কেৱল ইমানেই নহয়, হোটেল বিলাস ইন লীজত লোৱাৰ পিছত হোটেল পৰিচালনাৰ বাবে নিয়োগ কৰা মেনেজাৰ তথা আন কৰ্মচাৰীসকলক প্রাপ্য ধন প্ৰদানৰ ক্ষেত্ৰতো চৰম প্ৰৱঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে। প্রকাশিত তথ্য অনুসৰি ঘনকান্ত গগৈয়ে গুৱাহাটীৰ সাউকুছিৰ ভাৰাঘৰৰ মালিককো ভাৰাৰ বাবদ ধন প্ৰদান কৰাৰ ক্ষেত্ৰত হেমাহি আৰু প্ৰৱঞ্চনা কৰাৰ কথা পোহৰলৈ আহিছে। ইমানেই নহয়, ঘাতক ঘনকান্তই প্ৰৱঞ্চনাৰ বাবেই নিজৰ বিলাসী টাটা হেৰিয়াৰ বাহনখনত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ নামত ‘প্ৰেছ’ লিখি টিঘিলঘিলাই ঘূৰি ফুৰিছিল। তাৰ উপৰি বিভিন্ন ব্যক্তিক প্ৰৱঞ্চনাৰ বাবে লীজত লোৱা লাচিত নগৰৰ বিলাস ইনৰ চিচি টিভি কেমেৰাৰ বাবে ব্যৱহাৰ কৰা কম্পিউটাৰ কোঠা নিজৰ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰি ‘প্ৰেছ’ লিখি ৰাখিছিল আৰু নিজেও ‘প্ৰেছ কার্ড’ ব্যৱহাৰ কৰিছিল। ঘনকান্তৰ এই প্ৰৱঞ্চনা, ঠগবাজি আৰু ডাবি-ধমকিৰ অপৰাধনামাৰ সবিশেষ সংবাদ মাধ্যমযোগে প্রকাশ কৰিছে তেওঁৰেই এগৰাকী পূৰ্বৰ কৰ্মচাৰীয়ে। সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি হোটেল বিলাস ইনত মেনেজাৰ ৰূপত থকা এগৰাকী প্রাক্তন কৰ্মচাৰীয়ে ঘনকান্ত গগৈৰ অপৰাধনামাৰ তথ্য প্রকাশ কৰে আৰু এইগৰাকী কৰ্মচাৰীয়ে সদৰী কৰা অনুসৰি তেওঁ ঘনকান্ত গগৈৰ পৰা মাহিলি লাভ কৰা ধন বিচাৰিলেই নানা অজুহাতেৰে ঘনকান্ত গগৈয়ে তেওঁৰ পৰা পলাই থাকে। কেৱল ইমানেই নহয়, ঘনকান্ত গগৈৰ পৰা প্ৰাপ্য ধন বিচাৰিলেই বহু কৰ্মচাৰীক তেওঁ গুলীয়াই হত্যা কৰাৰ ভাবুকিও দিয়ে। এইগৰাকী পূৰ্বৰ কৰ্মচাৰীয়ে আনকি হোটেল বিলাস ইনত ঘনকান্ত গগৈৰ পৃষ্ঠপোষকতাতে বহু অনৈতিক কাম-কাজ চলোৱাৰ ইংগিতো প্ৰদান কৰে। ঘনকান্ত গগৈয়ে আনকি আলফাৰ নামতো বিভিন্ন অনৈতিক কাম-কাজত জড়িত থকাৰ কথাও উল্লেখ কৰে। হোটেল বিলাস ইনত দৈনন্দিন কামত জড়িত থকা ছুইপাৰ আদিকে ধৰি নিম্নখাপৰ কামৰ লগত জড়িত কৰ্মচাৰীসকলকো ঘনকান্ত গগৈয়ে প্রাপ্য ধন আদায় নিদি পিষ্টল উলিয়াই ডাবি-ধমকি দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ঘনকান্তৰ পূৰ্বৰ কৰ্মচাৰীগৰাকীয়ে। কৰ্মচাৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ঘনকান্ত গগৈয়ে বিভিন্ন বেংকৰ পৰা ঋণ গ্রহণ কৰিছিল আৰু এই ঋণসমূহ নিজৰ প্ৰকৃত ঠিকনাৰ বিপৰীতে বেলেগ বেলেগ ঠিকনাত লৈছিল। নিৰ্বাচনৰ সময়ত ঘনকান্ত গগৈয়ে নিজৰ ব্যৱহৃত পিষ্টলটো প্ৰশাসনৰ ওচৰত জমা দিয়াৰ সময়তো নিজৰ প্ৰকৃত ঠিকনা দিয়াৰ বিপৰীতে হোটেল বিলাস ইনৰ ঠিকনা দিছিল। এনেদৰে বিভিন্ন ঘটনা-পৰিঘটনাৰ আঁৰত ঘনকান্ত গগৈয়ে ঠগ-প্ৰৱঞ্চনাৰে বিভিন্ন লোকক লুণ্ঠন চলোৱাৰো বহু তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ হোটেল বিলাস ইন লীজত লৈ ঘাতক ঘনকান্তই আৰক্ষীৰ অগোচৰে চলাই গৈছিল বহু অপৰাধ। অতীতৰ অন্ধকাৰ অধ্যায়ৰ বিপৰীতে ঘনকান্ত গগৈয়ে পূর্বে আৰক্ষী বিষয়া হিচাপে পৰিচয় দিও প্ৰৱঞ্চনা কৰাৰ তথ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে। ঘনকান্তৰ বিৰুদ্ধে আছে চেক বাউঞ্চৰ গোচৰো। বাহনত ‘প্ৰেছ’ লিখি ঘূৰি ফুৰা ঘনকান্তৰ নিজা বাহন টাটা হেৰিয়াৰৰ বিপৰীতে ঋণ দিয়া বিত্তীয় কোম্পানী মহিন্দ্ৰা ফাইনেঞ্চৰ তথ্যত মাহেকীয়া কিস্তি দিয়াত ঘনকান্ত ব্যর্থ হোৱা বুলিও প্রকাশ।
