হোজাইত কোভিড ৰুগীৰ সুবিধাৰ্থে ‘হেল্লো আজমল’ সেৱা

pc Ajmal Foundation

অনলাইন বাৰ্ত্তাসেৱা – হোজাই জিলাৰ কোভিড ৰোগীৰ আত্মীয়ৰ সুবিধাৰ্থে ‘হেল্লো আজমল’ নামেৰে আজমল ফাউণ্ডেচনে  আৰম্ভ কৰিছে খাদ্য সামগ্রী যোগানৰ পৰিসেৱা। সেই উপলক্ষে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে আজমল হাউছত এই পৰিসেৱাৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে কোভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা উক্ত পৰিসেৱাৰ জৰিয়তে কোভিড আক্ৰান্ত পৰিয়ালৰ লোকে খাদ্যসামগ্ৰী লাভ কৰিবলৈ  দুটা ফোন নম্বৰো দিয়া হৈছে। জিলাখনত কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা উক্ত  পৰিসেৱাৰ নম্বৰ দুটা হৈছে ৯৩৯৪৭৪৬২৩৪ আৰু ৯৩৯৪৮৯১৪৮০। পুৱা ১০ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰত খাদ্যৰ সংকটত ভোগা কোভিড আক্ৰান্ত পৰিয়ালে উল্লিখিত ফোন নম্বৰ দুটাত কল কৰিলেই খাদ্য সামগ্রী ঘৰতে লাভ কৰিব বুলি আজমল ফাউণ্ডেচনৰ ফালৰ পৰা জানিবলৈ দিয়ে।