হেৰৌ অসমীয়া – ঋষিৰাজ মেধি

হেৰৌ অসমীয়া,
শুই উঠিবলে হোৱা নাই?
মই দিহিং পাটকাইয়ে কৈছো,
শুনিছো মোৰ দেহত বৰ্ব্বৰতা
চলাবলৈ হেজাৰ হেজাৰ বিলাসী কোম্পানী
আহি ভিৰ কৰিছেহি শৰাইঘাটত।
পাৰিবি জানো সোণৰ টোপোলাৰে
পেট ভৰাই ৰখা ৰজাৰ চকীৰ
কাল্পনিক পুতলাবোৰক বুজাবলৈ,
পাৰিবি জানো দেশ ভক্তিৰ নামত
ভক্তৰ নিভাজ শৰীৰত অত্যাচাৰ
চলোৱা এজাক ৰচকৰ বিৰুদ্ধে।
নিদিবি……. নিদিবি
শেষ হবলৈ অসমীয়া মোৰ বুকুৰ এই
চিৰ সেউজ বননি, নিষ্পাপ
সেই জীৱকুলৰ বিচৰণভূমি।
ৰক্ষা কৰ………… ৰক্ষা কৰ মোক অসমীয়া
মই দিহিং পাটকাইয়ে কৈছো
ৰক্ষা কৰ।