হিন্দু সমাজক অপমান কৰা বদৰুদ্দিন আজমলৰ জুমুঠি দাহ অসম তৃণমূল কংগ্ৰেছৰ

হিন্দু সমাজক অপমান কৰা বদৰুদ্দিন আজমলৰ জুমুঠি দাহ অসম তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা– লোকসভাৰ সাংসদ বদৰুদ্দিন অজমলে হিন্দু সমাজক লৈ অশোভনীয় মন্তব্য দিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম তৃণমূল কংগ্ৰেছ। আজি অসম তৃণমূল কংগ্ৰেছে জয়ানগৰত আজমলৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে ‘হিন্দু বিৰোধী বদৰুদ্দিন আজমল মুৰ্দাবাদ’, ‘হিন্দুক অপমান কৰা বদৰুদ্দিন আজমল মুৰ্দাবাদ’, ‘নাৰী সমাজক অপমান কৰা আজমল নিপাত যাওক’, ‘বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰক,’ ‘বিজেপিৰ এজেণ্ট আজমল মুৰ্দাবাদ’, ‘সাম্প্ৰদায়িক ৰাজনীতি কৰা নচলিব’, ‘সুবিধাবাদী বদৰুদ্দিন আজমল হুঁচিয়াৰ’, ‘আজমলৰ সাংসদ পদ খাৰিজ কৰক’, ‘অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ’ ধ্বনিৰে চৌদিশ কঁপাই তোলে।সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বদৰুদ্দিন অজমলক কঠোৰ ভাষাৰে সমালোচনা কৰে। গুজৰাট আৰু অন্যান্য ৰাজ্যত চলি থকা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ শ্ৰতলিপি মতে এই মন্তব্য দি আজমলে শংকৰ-আজানৰ সম্প্ৰীতিৰ দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ কু-অভিসন্ধি কৰা বুলি ক্ষোভ উজাৰে শৰ্মাই। লগতে নাৰী সমাজক অপমান কৰাৰ বিৰুদ্ধেও ধিক্বাৰ দিয়ে তৃণমূলৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে। তেওঁ লগতে শীঘ্ৰে বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ভৱিষ্যতে এনে ধৰণৰ অশালীন মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আজমলক সকীয়নি প্ৰদান কৰে শৰ্মা৷