হাজোৰ সোৱানচাহত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন : ধৰ্মীয়- সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজক

হাজোৰ সোৱানচাহত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন : ধৰ্মীয়- সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজক

অক্ষয় মেধি, হাজো, বাৰ্ত্তাসেৱা- বিশ্ব হিন্দু পৰিষদ হাজো প্ৰখণ্ডৰ সৌজন্যত আৰু সোৱানচাহ প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন সমিতিৰ সহযোগত যোৱা ৩০ আগষ্টত হাজোৰ-সোৱানচাহত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উদযাপন কৰে। তদুপলক্ষে দিনৰ প্ৰায় এঘাৰ বজাত উলিয়াই এক ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্ৰা। এই ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে হাজোৰ ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাসে। সোৱানচাহৰ ভুপেন হাজৰিকা প্ৰেক্ষাগৃহৰ পৰা উলিওৱা ধৰ্মীয়-সাংস্কৃতিক শোভাযাত্ৰাত আছিল শ্ৰীকৃষ্ণৰ বেশভুশা সহিতে আয়তিৰ নাম-প্ৰসংগ, বাপ-ভকতৰ নাম-প্ৰসংগ, ঢুলীয়াৰ লগতে মূগাৰ মেখেলা- চাদৰ পৰিহিত মহিলা-যুৱতী। বৃহত্তৰ সোৱানচাহ পৰিভ্ৰমণ কৰাএই ধৰ্মীয়- সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটোৰ ৰাইজক বাৰুকৈয়ে মুঠিত কৰে। ইয়াৰ পিছতে সোৱানচাহ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বিশ্বহিন্দু পৰিষদৰ হাজো প্ৰখণ্ডৰ সভাপতি দীজেন ভূঞাৰ পৌৰোহিত্বত অনুস্থিত হয় এক ধৰ্মালোচনী সভা।কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰে শুভ উদ্বোধন কৰা এই ধৰ্মালোচনী সভাত ঈশ্বৰ শ্ৰী শ্ৰীহাটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্তই নিৰ্দিষ্ট বক্তা হিচাপে আসন শুৱনি কৰি ভাষন প্ৰসংগত কয়, জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী আৰু শ্ৰীকৃষ্ণৰ জয়ন্তী আদি নামেৰে জনা যায়। এই বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়াই নিৰ্দিষ্ট বক্তা ডেকা সত্ৰাধিকাৰ গৰাকীয়ে হিন্দু ধৰ্মৰ কৰণীয় সম্পৰ্কে আলোকপাত কৰি কয়, হিন্দু প্ৰধান অঞ্চলত নামঘৰ অথবা মন্দিৰ সমুহ বিদ্যমান আৰু প্ৰতিটো নামঘৰ অথবা মন্দিৰৰ চৌপাশে থকা হিন্দু লোক সকলৰ একো-একোখন সমাজ আছে। এই সমাজ বোৰে নামঘৰ অথবা মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ নাম-প্ৰসংগ কৰি আহিছে।সভাত বামুন্দী গাও পঞ্চায়তৰ সভানেত্ৰী চন্দা কলিতা,অৱসৰী শিক্ষক পৰমেশ ঠাকুৰীয়া,নগেন ঠাকুৰীয়া,অচ্যুত বৈশ্যই,প্ৰফুল্ল বৈশ্যয়ো বক্তব্য আগবঢ়াই। ইয়াৰ পিছতে বিশ্ব শান্তিৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত জনোৱা সমুহীয়া প্ৰাৰ্থনাৰ অন্তত দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আদৰণি সমিতিৰ সভাপতি অচ্যুত বৈশ্যই। ইপিনে পুৱাৰ ভাগত প্ৰভাত ফেৰীৰ পিছতে ভাগৱত স্থাপন কৰে ৰাজেন্দ্ৰ বৈশ্যই,বন্তি প্ৰজ্বলন কৰে হাজো বিজেপিৰ মণ্ডল সভাপতি ভুপেন কলিতাই, ধৰ্মধব্জা উত্তোলন কৰে দীজেন ভূঞাই,গছপুলি ৰোপন কৰে ক্ৰমে মৃনাল কলিতা,দামোদৰ মেধি আৰু লক্ষ্মী মেধিয়ে। ভাগৱত পাঠ কৰে কৃষ্ণদেৱ ভাগৱতী সমাজৰ শৰণাচাৰ্য্য সূৰথ দাসে।