মাৰ্কিন সেনাই তালিবান ত্যাগ কৰাৰ পাছত তালিবানে লাভ কৰে পূৰ্ণ স্বাধীনতা

pc-Wall street Journal

মাৰ্কিন সেনাই তালিবান ত্যাগ কৰাৰ পাছত তালিবানে লাভ কৰে পূৰ্ণ স্বাধীনতা  

অনলাইন বাৰ্ত্তাসেৱা- মাৰ্কিন ৰাষ্ট্ৰপতি জʼ বাইডেনৰ নিৰ্দেশ অনুসৰি সুদীৰ্ঘ ২০ বছৰ যুদ্ধৰ অৱসান ঘটাই অন্তিমগৰাকী মাৰ্কিন সেনাই আফগান ভূমি ত্যাগ কৰাৰ পাছতে আফগানিস্তানত তালিবানৰ শিহৰণকাৰী বিজয় উল্লাসে সমগ্ৰ আফগানিস্তান উত্তাল কৰি তুলিছে। আফগানিস্তানত আমেৰিকাৰ দপদপনি অন্ত পৰাৰ লগে লগে আফগান ভূমিলৈ পুনৰ স্বাধীনতা লাভ কৰা বুলি তালিবানে মন্তব্য কৰে। তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুলৰ চৌদিশৰ পৰা গুলীবৰ্ষণ তথা মৰ্টাৰ নিক্ষেপ  কৰি আকাশ-বতাহ কপাঁই তোলাৰ লগতে যেন আফগানিস্তানত পুনৰ তালিবানৰ যুগৰ আৰম্ভনি তাৰ কথা ঘোষণা কৰে। তালিবানৰ শীৰ্ষ মুখ্যপাত্ৰ জাবিহুল্লা মুদাহিদকে ধৰি শীৰ্ষ তালিবান নেতৃবৰ্গি কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰৱেশ কৰি ঘোষণা কৰে আফগানিস্তানৰ স্বাধীনতা । সাংবাদিকক সম্বোধন কৰি হামিড কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখপাত্ৰ জাবিহুল্লাই কয়ঃ বিদেশী সেনাৰ পৰা আফগানিস্তান মুক্ত হোৱাৰ এই মূহূৰ্ত আফগানসকলৰ বাবে এক ঐতিহাসিক মূহূৰ্ত।

 

(RT)